আধা অসমে কামাখ্যা দেৱীক পূজা কৰে, কিন্তু আহোমসকলে ইন্দ্ৰ দেৱতাকহে পূজা কৰে অসমৰ আহোমসকলৰ উপাস্য দেৱতা হৈছে ইন্দ্ৰ অসমত শ্ৰীমন্ত শংকৰদেৱক কোনেও গুৰু বুলি নাভাবে৷ আহোমসকলে ইন্দ্ৰ দেৱতাকহে পূজা কৰে ৰণবীৰ এলাহবাদিয়া শ্ব’ত এইদৰেই কৈছিল এজন অতিথিয়ে৷ অসমৰ আহোমে ইন্দ্ৰ দেৱতাক উপাসনা কৰে বুলি তেওঁ ভুল তথ্য বিয়পাইছিল বৰ্তমান গোচৰৰ বাবে ৰণবীৰ অসমত হাজিৰ হ’বলগীয়া হৈছে৷ পিতৃ-মাতৃৰ অভিসাৰৰ বিষয়ে অশ্লীল মন্তব্যৰ বাবে ৰণবীৰ এলাহবাদিয়া বিপদত পৰিছে৷ কিন্তু তেওঁ এইবাৰেই প্ৰথম অদ্ভুত কাণ্ড কৰা নাই৷ আগতেও তেওঁ ইউটিউবৰ শ্ব’ৰ নামত আচৰিত কাম কৰিছে৷ ৰণবীৰ এলাহবাদিয়াই সাক্ষাৎগ্ৰহণ কৰা অতিথিজনে পূৰ্বে দাবী কৰিছিল যে অসমৰ আহোমসকল হৈছে ইন্দ্ৰদেৱৰ উপাসক অৰ্থাৎ আহোমৰ নিজা কৃষ্টি-সংস্কৃতি নাই বুলি তেওঁ অভিহিত কৰিছিল৷ তেতিয়াও কিন্তু ৰণবীৰ শ্ব’কলৈ অসমত বিতৰ্কৰ সৃষ্টি নহ’ল আহোমসকলৰ সাংস্কৃতিক পৰিচয়ক ঠাট্টা কৰাৰ পিছতো ৰণবীৰৰ অনুষ্ঠান চলি থাকিল৷ পিছে এইবাৰহে ৰণবীৰৰ বিৰুদ্ধে অসমৰ চি আই ডিয়ে গোচৰ ৰুজু কৰিলে৷