বহুতে চাকৰি পাব আনন্দতে শুভাকাংক্ষীক খুৱাব মিঠাই অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে হোটেলত৷ ফাঁচীবজাৰৰ পৰা কুইণ্টল হিচাপত আগতীয়াকৈ বেচন আৰু ময়দা কিনিছে বেপাৰীয়ে৷ সমানে বিক্ৰী হৈছে ৰিফাইন৷
বিগত সময়ত আগতীয়া ঘোষণা নকৰাকৈ মেট্ৰিকৰ ৰিজাল্ট ঘোষণাৰ ফলত লোকচান হৈছিল হোটেলৰ ব্যৱসায়ীৰ৷ পৰীক্ষাৰ্থীৰ চাহিদা অনুসৰি যোগান ধৰিব পৰা নাছিল মিঠাই৷ কিন্তু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ ADREৰ ৰিজাল্টৰ তাৰিখ এইবাৰ জনাই দিছে সকলোকে সাজু হোৱাৰ সময় দি তেওঁ জনাইছে তাৰিখ গতিকে হোটেলত চলিছে যুদ্ধংদেহি প্ৰস্তুতি৷ বিশেষকৈ নগাঁও, ডিব্ৰুগড়, শিৱসাগৰ আদিৰ হোটিলত আজিৰ পৰাই কামত ধৰিছে কাৰিকৰে৷ গোল্লা,গজা, বৰফি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে কাৰিকৰৰ দল৷ তেওঁলোকে কেৰাহীত ঢালিছে কেবাপেকেট ৰিফাইন৷ যাৰ বাবে ফাঁচীবজাৰত হঠাতে এইসমূহ সামগ্ৰীৰ চাহিদা বৃদ্ধি হৈছিল৷ অসমৰ সকলো মফচলতে কাইলৈ চাকৰি পাবলগীয়া যুৱক-যুৱতীৰ পৰিয়ালে কিনিব পৰাকৈ তৈয়াৰ কৰা হৈছে মিঠাই৷ ১০ৰ পৰা ৩০ টকীয়া মিঠাই এতিয়াই প্ৰস্তুত কৰা হৈছে৷ কাইলৈ যাতে বজাৰত অভাৱ নহয় তাৰ মাংস বেপাৰীও হৈছে সাজু৷ আজিয়েই গোটাই থৈছে খাহী আৰু ব্ৰইলাৰ মুৰ্গী৷
ৰসগোল্লা বনাইছে, মাংস বেপাৰীও হৈছে সাজু
