বিদেশৰ পৰা গুৱাহাটীলৈ আহিব অসম সন্তান

গুৱাহাটীৰ পৰা মস্কোলৈ চাইখেল চলাব অসমৰ যুৱকে শাৰিৰীক বাধাকো উপেক্ষা কৰি তেওঁ ৰাছিয়ালৈ চাইকেলেৰে যাত্ৰা কৰিব এই যুৱকজনৰ নাম হৈছে ৰাকেশ বণিক ২০১২ চনতে দুৰ্ঘটনাত আহত হোৱা ৰাকেশৰ সোঁ ভৰি আঁঠুৰ ওপৰত কাটি পেলাবলগীয়া হৈছিল কিন্তু ৰাকেশে প্ৰস্থেটিক লেগৰ জৰিয়তে অব্যাহত ৰাখিছে দুঃসাহসিক অভিযান এইবাৰ Volga to Brahmaputra Cyclothon শীৰ্ষক অভিযানত ৰাকেশে প্ৰায় ৫,০০০ কিলোমিটাৰ পথ চাইকেলেৰে অতিক্ৰম কৰিব এইউ অভিযানৰ আৰম্ভ কৰা হ’ব এপ্ৰিলত বিহুৰ পূৰ্বে মস্কোৰ ভাৰতীয় দূতাবাসত অভিযানৰ ফ্লেগ অফ অনুষ্ঠান আয়োজিত হ’ব ১২০ দিনজোৰা চাইকেল যাত্ৰাৰ কালত ৰাকেশে ৰাছিয়াৰ উপৰিও কাজাখাস্তান, কিৰ্গিজস্তান, চীন, তিব্বত, নেপাল হৈ ভাৰতত প্ৰৱেশ কৰি গুৱাহাটীত অভিযানৰ মোখনি মাৰিব অসীম ধৈৰ্য, পৰিশ্ৰম, দুঃসাহসিক মনোবৃত্তিৰ বাবে পৰিচিত ৰাকেশ সাজু হৈছে এই অভিযানৰ বাবে অদম্য মনোবলৰ অধিকাৰী ৰাকেশে পূৰ্বে বেংককৰ পৰা গুৱাহাটীলৈ, মানালিৰ পৰা খাৰদুংলা পাছলৈ চাইকেল চলাইছিল দিল্লীৰ পৰা গুৱাহাটীলৈয়ো বুলি চাইকেল চালনা কৰিছে ৰাকেশে কৃত্ৰিম ভৰিৰে ৰাকেশে সাধন কৰিছে অসাধ্য

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial