প্ৰেমিকাক নিজৰ মতেহে কাপোৰ পিন্ধাইছিল অৰ্জুনে

সেয়া প্ৰেম নাছিল আছিল মাত্ৰ যৌনতাৰ পিয়াহ একমাত্ৰ যৌন হাবিয়াসৰ বাবে মালাইকা আৰোৰাৰ জীৱন দুৰ্বিষহ কৰি তুলিছিল অৰ্জুন কাপুৰে৷ নিজে ভাল পোৱা সকলো কাম কৰিবলৈ মালাইকাক বাধ্য কৰিছিল অৰ্জুনে আনকি পছন্দৰ কাপোৰহে প্ৰেমিকাক পিন্ধিবলৈ দিছিল অৰ্জুনে তেওঁৰ অনুমতি অবিহনে ঘৰৰ পৰাই ওলাব নোৱাৰিছিল মালাইকা৷ ব্ৰেক-আপৰ পিছত শাৰিৰীক-মানসিক নিৰ্যাতনৰ পৰা মালাইকাই সকাহ পাইছে এতিয়া তেওঁ কটাইছে প্ৰেমবিহীন জীৱন৷ তথাপি অৰ্জুনৰ অত্যাচাৰৰ পৰা ৰেহাই পাইছে মালাইকাই৷
এটা সাক্ষাৎকাৰত ব্ৰেক-আপৰ পূৰ্বে অৰ্জুনে কৰা অত্যাচাৰৰ বিষয়ে প্ৰকাশ কৰিছে মালাইকাই তেওঁ কোৱা মতে বিগত সময়ছোৱাত যৌনতাৰ বাবে উন্মাদ হৈ পৰিছিল অৰ্জুন কাপুৰ৷ সেয়ে প্ৰতিনিশা তেওঁ কাষ বিচাৰিছিল মালাইকাক কেতিয়াও মালাইকাক অকলশৰে ভ্ৰমণৰো অনুমতি দিয়া নাছিল অৰ্জুনে সকলো ঠাইলৈ অৰ্জুনৰ সৈতেহে যাবলগীয়া হৈছিল মালাইকা৷ তেওঁ মালাইকাক নিজৰ ইচ্ছানুসৰি পিন্ধিবলৈ দিয়া নাছিল কাপোৰ মালাইকাই প্ৰতিদিনে পিন্ধিবলগীয়া হৈছিল অৰ্জুনৰ পছন্দৰ কাপোৰ৷ বেলেগ বস্ত্ৰ পৰিধান কৰিলেই ব্ৰেক-আপৰ ভাবুকিৰে অৰ্জুনে মালাইকাক ভয় খুৱাইছিল আনকি জিমলৈ যোৱাৰ বাবেও অৰ্জনুৰ অনুমতি ল’বলগীয়া হৈছিল ৫১ বছৰীয়া প্ৰেমিকাই৷ অৰ্জুনে অনুমতি দিলেহে মালাইকা ঘৰৰ পৰা ওলাব পাৰিছিল অৰ্জনুক নোসোধাকৈ বন্ধুৰ সৈতেও মালাইকাই কথা পাতিব নোৱাৰিছিল একপ্ৰকাৰ অৰ্জুনৰ যৌনদাসীৰ দৰে হৈ পৰিছিল মালাইকা প্ৰেমৰ ছলনাৰে অৰ্জুনে তেওঁক নিজৰ মতে চলাইছিল সদায় মালাইকা যৌনতাত পিষ্ট হৈ পৰিছিল তথাপি অৰ্জুনক সুখী কৰি তোলাৰ বাবে কৰিছিল চেষ্টা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial