ডুবাইত নিজৰ খৰচতহে আছে অনুষ্কা শৰ্মা৷ ক্ৰিকেটাৰৰ পত্নীক হোটেলত থাকিবলৈ এইবাৰ BCCIয়ে এটকাও দিয়া নাই৷ গতিকে কোহলি আৰু অনুষ্কা পৃথকে পৃথকে থাকিবলগীয়া হৈছে একেদৰে আন ক্ৰিকেটাৰৰ পত্নীয়েও নিজৰ খৰচত ডুবাইত বাহৰ পাতিছে কিন্তু ধন ভৰি হ’লেও প্ৰিয়তমক সাহস যোগাইছে প্ৰেমাস্পদে৷ ডুবাইৰ ৰুক্ষ বতাহে যাতে প্ৰিয়তম ক্ৰিকেটাৰৰ মন চঞ্চল কৰি পেলাব নোৱাৰে তাৰ বাবে কাষতে আছেগৈ প্ৰেয়সী৷ গেলাৰীত বহি সদায়েই প্ৰিয়তমৰ খেলা চাইছে অনুষ্কা শৰ্মাই৷ হাৰ্দিক পাণ্ডিয়াৰ চৰ্চিত প্ৰেয়সী জেছমিন ৱালিয়াও ডুবাইৰ গেলাৰীত উপৱিষ্ট হৈ আছে৷ কিন্তু চেম্পিয়নছ ট্ৰফীত ভাৰতৰ বিজয়ৰ পিছতে বিৰাট কোহলিয়ে অৱসৰৰ ঘোষণা কৰিব বুলি ওলাইছে নিশ্চিত বাতৰি ব’ৰ্ডৰ সূত্ৰই প্ৰকাশ কৰা মতে দেওবৰীয়া ফাইনেলৰ পিছতে কোহলিয়ে এদিনীয়া কোৰিয়াৰৰ মোখনি মৰাৰ বিষয়ে ঘোষণা কৰিব তেওঁ সেয়ে চেম্পিয়নছ ট্ৰফীত ভাৰত বিজয়ী হোৱাৰ বাবে প্ৰাণে-পনে চেষ্টা কৰিছে সৰ্বস্ব উজাৰি দেশৰ হৈ খেলিছে কোহলিয়ে বিজয়ী হিচাপে যাতে ক্ৰিকেট কেৰিয়াৰৰ যৱনিকা পেলাব পাৰে তাৰ বাবে কোহলিয়ে নিজকে উজাৰি দিছে ব’ৰ্ডৰ সূত্ৰই সদৰী কৰা অনুসৰি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল সেষ হোৱাৰ লগে লগে কোহলিয়ে এদিনীয়াৰ পৰা অৱসৰৰ ঘোষণা কৰিব তেওঁৰ লগতে এদিনীয়া কেৰিয়াৰ সামৰাৰ সম্ভাৱনা আছে ৰবীন্দ্ৰ জাদেজাৰ৷ অৱশ্যে কিছুদিনলৈ এদিনীা খেলি থাকিব ৰোহিত শৰ্মাই৷ কিন্তু কোহলিয়ে বঁটা বিতৰণী অনুষ্ঠানতে ঘোষণা কৰিব অৱসৰ তেওঁ ইয়াৰ পিছতে এদিনীয়াৰ পৰা বিদায় ল’ব দেশৰ ক্ৰিকেটৰ আকাশৰ পৰা খহি পৰিব এটা উজ্জ্বল জ্যোতিষ্ক