ডঃ গোহাঁয়ে কিয় ধৰিব নোৱাৰে অখিল গগৈৰ মন

এজন বিধায়ক অথবা সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিয়ে যেতিয়া কিবা এটা কয় তেন্তে সেই কথাষাৰ আনুষ্ঠানিক বিবৃতি বুলিয়েই গণ্য কৰা হয় সেইমতেই আজি অখিল গগৈয়ে পুৱাই এষাৰ কথা ক’লে কিন্তু এঘণ্টাৰ ভিতৰত অখিলে ফে’চবুক পোষ্টটো ৫ বাৰ সলনি কৰিলে বুদ্ধিজীৱীক কংগ্ৰেছপন্থী আখ্যা দিয়াৰ পৰা কেবাবাৰো অখিলে সলনি কৰিলে কথা কিন্তু অখিলৰ প্ৰতিক্ৰিয়াৰ ঘটনাক্ৰম আচলতে বেলেগ বিৰোধী ঐক্যৰ আহ্বান জনাই বিফল হোৱাৰ পিছত বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়ে আজি অখিলৰ গতিবিধি বুজি নাপাওঁ বুলি ক্ষোভ প্ৰকাশ কৰিছিল৷ তাৰ পিছতে পিছে জ্বলি-পকি উঠিল অখিল ফে’চবুকত ততালিকে আক্ষেপ প্ৰকাশ কৰি তেওঁ ডঃ গোহাঁইকে কংগ্ৰেছপন্থী বুলি অভিহিত কৰিলে নাম কাৰো নল’লে, কিন্তু অখিলৰ লক্ষ্য যে ডঃ গোহাঁই সেয়া প্ৰমাণিত হ’ল৷ কিন্তু কথাটো হৈছে- ডঃ গোহাঁই অখিলৰ গুৰু ৰাজ্যৰ প্ৰথিতযশা বুদ্ধিজীৱীজনেই অখিলক সংগ্ৰামৰ পাঠ পঢ়াইছিল কিন্তু তেওঁৰ প্ৰতি উগ্ৰতাৰে উত্তৰ দিলে অখিল গগৈয়ে বিগত সময়ত অখিলক ডঃ গোঁহায়ে কা আন্দোলনৰ প্ৰাণপুৰুষ বুলিও আখ্যা দিছিল বহুদিন অখিল গগৈ কাৰাবন্দী হৈ থকাৰ সময়ত হীৰেন গোহাঁয়ে চৰকাৰী পক্ষকো ধিক্কাৰ দিছিল৷
পিছে আজি সেইজন গোহাঁয়ে অখিল মতিগতি বুজি নাপায় বুলি ক’বলগীয়া হ’ল গতিকে আমিও প্ৰশ্ন কৰিব পাৰো- অখিল গগৈয়ে বিৰোধী মৰ্চা গঠনত সহায় কৰা নাই নেকি?

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial