খেদা খোৱাৰ ভয়ত আগতীয়াকৈ ওভতনি

অপমানজনক অপসাৰণৰ ভয়ত আগতীয়াকৈ আমেৰিকাৰ পৰা উভতিছে ভাৰতীয় এইচ-১ ভিছাৰ জৰিয়তে দেশখনলৈ যোৱা ছাত্ৰই ততালিকে প্ৰত্যাৱৰ্তন কৰিছে ড’নাল্ড ট্ৰাম্পৰ সেনাই হাতে-ভৰিয়ে শিকলি লগাই খেদি দিয়াৰ শংকাত তেওঁলোকে শিক্ষা আধৰুৱা হৈ থাকোতেই স্বদেশত উপস্থিত হৈছে আমেৰিকাত পঢ়ি থকা কমেও ১ লাখ ভাৰতীয়ই চলাইছে প্ৰত্যাৱৰ্তনৰ তৎপৰতা সামাজিক অপমানৰ শংকাত তেওঁলোকে আমেৰিকান ড্ৰীম পৰিত্যাগ কৰিছে এইসকলৰ বেছিভাগেই হৈছে আকৌ কম বয়সীয়া ভাৰতীয় তেওঁলোকে অধ্যয়নৰ বাবে এইছ-১ ভিছাৰ জৰিয়তে মাৰ্কিন মুলুকলৈ যাত্ৰা কৰিছিল কিন্তু দেশখনতে ছাত্ৰসকল প্ৰাপ্তবয়স্ক হ’ল গতিকে ভিছাৰ বাবে যোগ্য বিবেচিত হৈছে ভাৰতীয় শিক্ষাৰ্থীসকল কিন্তু ট্ৰাম্পৰ সেনাৰ যুদ্ধংদেহি স্থিতিৰ পৰিপ্ৰেক্ষিতত শংকিত হৈ পৰিছে ভাৰতীয় ছাত্ৰসকল বিদেশ দপ্তৰে সদৰী কৰা অনুসৰি নতুন ৰাষ্ট্ৰপতিয়ে প্ৰত্যৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পিছতে ছাত্ৰসকলে শিক্ষাজীৱন আধৰুৱা কৰি ওভতনিৰ উদ্যোগ গ্ৰহণ কৰিছে কিন্তু ডিগ্ৰী অবিহনে ওভতনিৰ ফলত তেওঁলোকৰ শৈক্ষিক বৰ্ষ নষ্ট হ’ব আমেৰিকাত পঢ়িবলৈ যোৱাটো অনৰ্থক হৈ পৰিব অজস্ৰ ভাৰতীয় মেধাৱীৰ কিন্তু এইচ-১ ভিছাৰ ম্যাদ শেষ হোৱাৰ পিছতে যে এইসকল ছাত্ৰ দেশখনত বিদেশী হিচাপে বিবেচিত হৈ পৰিব সেয়াও অৱধাৰিত তেনে ক্ষেত্ৰত তেওঁলোকক ট্ৰাম্পৰ সেনাই বলপূৰ্বক কৰিব প্ৰত্যৰ্পণ গতিকে অপমানজনক বিদায়ৰ পূৰ্বেই আগতীয়াকৈ উভতি আহিবলৈ তেওঁলোক তৎপৰ হৈ পৰিছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial