কোনো মুছলমানে পালন কৰিব নোৱাৰিব ৰোজা ৰমজানৰ উপবাস পালন কৰিলেই ইছলামধৰ্মী নাগৰিকক মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব ৰোজা পালনৰ শাস্তি হৈছে কাৰাদণ্ড৷ এই ঘোষণা কৰিছে চীন চৰকাৰে দেশখনৰ উইঘুৰ মুছলমানসকলক ৰমজানৰ ব্ৰত পালন নকৰিবলৈ চীনৰ কমিউনিষ্ট পাৰ্টীয়ে নিৰ্দেশ দিছে যদি কোনো মুছলমান নাগৰিকে ৰোজা মানে তেন্তে সেইজন কঠোৰ শাস্তিৰ সন্মুখীন হ’ব ইতিমধ্যে জিনজিয়াং প্ৰদেশৰ কেবাটাও মছজিদ বাৰলৈয়ো ৰূপান্তৰিত কৰিছে চীন চৰকাৰে ইছলামধৰ্মীয় উপাসনা স্থলীত নামাজ আদায় কৰাটো চৰকাৰে নিষিদ্ধ কৰিছে৷ যদি কোনো মুছলমান নাগৰিক ধৰ্মীয় উপাসনাৰ উদ্দেশ্যে মছজিদ প্ৰৱেশ কৰে তেন্তে শাস্তি নিশ্চিত বুলি ঘোষণা কৰিছে কমিউনিষ্ট প্ৰশাসনে ইতিমধ্যে কেবাগৰাকী মুছলমান লোকক চৰকাৰে মানসিক ৰোগী হিচাপে ঘোষণা কৰিছে৷ তাৰ পিছত চৰকাৰে ৰোজা পালনতো নিষেধাজ্ঞা আৰোপ কৰিছে নতুন সিদ্ধান্ত অনুসৰি দেশখনত ইছলামিক ধৰ্মীয় নীতিৰ অনুশীলন সম্পূৰ্ণ নিষিদ্ধ চীনা নাগৰিক হিচাপে সমধিকাৰ লাভ কৰিবলৈ ইউঘুৰ মুছলমানসকলেও আনৰ দৰেই ধৰ্মহীনজীৱন যাপন কৰিব লাগিব অন্যথা শাস্তি নিশ্চিত বুলি ঘোষণা কৰিছে চীনৰ কমিউনিষ্ট প্ৰশাসনে৷ কিন্তু এই ঘোষণাৰ পিছতো ইছলামিক ৰাষ্ট্ৰমণ্ডলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশৰ সাহস কৰিব পৰা নাই ইছলাম ধৰ্মক সম্পূৰ্ণ অবজ্ঞা কৰি কমিউনিষ্ট চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো নিশ্চুপ হৈ আছে বিশ্ব