ছুপাৰ ছাকাৰেৰে বান নিষ্কাশনৰ পিছত সাৰমেয়ৰে অভিলেখ

বুদ্ধিবোৰ কোনে দিয়ে ক’ব নোৱাৰোঁ, কিন্তু ডিব্ৰুগড়তে ঘটে নঘটিবলগীয়া ঘটনাবোৰ চহৰত বান হ’লে পানী ছুপাৰ ছাকাৰেৰে কঢ়িয়াই লালুকাগাঁৱত পেলায় প্ৰশাসনে একেদৰে বাঘ ধৰিবলৈ পিঞ্জৰাত টোপ হিচাপে থয় মাকৰ গাখীৰ খাই থকা কুকুৰ পোৱালি৷
মুঠতে শক্তিমন্ত্ৰীৰ গৃহজিলা তথা দ্বিতীয় ৰাজধানী ডিব্ৰুগড়তে এনেবোৰ ঘটনা সংঘটিত হয় বৰ্তমান চহৰখনত বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ কেবাদিনো খাপ পিটি চহৰখনৰ পৰা বাঘ ধৰিব পৰা নাই প্ৰশাসনে৷ বন বিভাগে শেষত এটা পিঞ্জৰা পাতি থৈছে কিন্তু সচৰাচৰৰ দৰে ছাগলী পিঞ্জৰাত লগোৱা নাই ছাগলী কিনি খৰচ কৰাৰ সলনি নতুনকৈ জন্মা অঘৰী কুকুৰৰ দুটা পোৱালি পিঞ্জৰাত বান্ধি থৈছে বাঘে যাতে কোমল মাংস খোৱাৰ লোভত পিঞ্জৰাত সোমায়ে সেয়ে টোপ হিচাপে পিঞ্জৰাত বান্ধি থৈছে কুকুৰ পোৱালি শেহতীয়াকৈ চহৰখনত বান হোৱাৰ সময়ত পানী এখন ছুপাৰ ছাকাৰত ভৰাই লালুকাগাঁৱৰ ড্ৰেইনত পেলোৱাৰ ব্যৱস্থা কৰিছিল চহৰৰ প্ৰশাসনে পানী টুকি নি দূৰত পেলায় ডিব্ৰুগড় বানমুক্ত কৰিবলৈ চেষ্টা কৰিছিল প্ৰশাসনৰ বৰমূৰীয়াই এইবাৰো আকৌ অদ্ভুত পদ্ধতিৰে কুকুৰ পোৱালি টোপ দি বাঘ ধৰিবলৈ চেষ্টা কৰিছে পিঞ্জৰাত মাকৰ গাখীৰ খোৱা কুকুৰ পোৱালি থৈ বাঘ ধৰিবলৈ চেষ্টা কৰা ডিব্ৰুগড় প্ৰশাসনক কোন জিম কৰবেটে ইমান ভাল এটা উপদেশ দিছে সেইটো অৱশ্যে জনা নাই বিখ্যাত চিকাৰী জিম কৰবেটে কেতিয়াবাই কৈছিল- বাঘ হৈছে অৰণ্যৰ বিশাল অন্তৰৰ ভদ্ৰলোক কিন্তু ডিব্ৰুগড়ত বন বিভাগে বিশাল হৃদয়ৰ ভদ্ৰলোকে কুকুৰ পোৱালি খায়েই আত্মসমৰ্পণ কৰিব বুলিয়েই ধাৰণা কৰিছে৷ মুঠতে আজব এইখন দ্বিতীয় ৰাজধানী

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial