সাৱধান, ওপৰে-তলে আছে লাইটৰ তাঁৰ

আগৰ দৰে ৰে’ললাইনত টিঘিল-ঘিলাই নুফুৰিব এতিয়াৰ পৰা ৰে’ল পথৰ ওপৰেৰে পাৰ হোৱাৰ সময়ত সাৱধান হ’ব৷ অন্যথা কিন্তু সৰ্বনাশ হ’ব দেশ আন প্ৰান্তৰ লগতে অসমতো লাহে লাহে ৰে’ল পথৰ বৈদ্যুতিকীকৰণৰ কাম সম্পন্ন হৈছে বিশেষকৈ উজনি অসমত প্ৰায়বোৰ পথতে বিদ্যুৎ সংযোগ কৰিছে বিভাগে ৰে’ল চলিবলৈ পথৰ ওপৰত যিডাল তাঁৰ লগোৱা হৈছে সেইডাল হৈছে ২৫,০০০ ভ’ল্টৰ ঘৰত ব্যৱহৃত 220 অথবা 440 ভ’ল্টতকৈ সেই তাৰঁডালৰ শক্তি বহু বেছি গতিকে তাঁৰডালে দুইমিটাৰ দূৰৰ পৰা মানুহক টানি নিব পাৰে তদুপৰি ইলেকট্ৰ’নিক ইণ্টাৰ লকিঙৰ বাবে ৰে’লপথৰ তলতো আছে ল’ ভ’ল্টেজৰ তাঁৰ সেয়ে ৰে’লপথ যিকোনো সময়তে মৰণভূমি হৈ পৰিব পাৰে শেহতীয়াকৈ বৈদ্যুতিকীকৰণৰ কাম হোৱাৰ পিছত ৰে’ল বিভাগে পৰীক্ষামূলভাৱে ৰে’ল চলাচলো সম্পন্ন কৰিছে গতিকে আপোনালোক এতিয়াৰ পৰাই হওক সাৱধান ২৫,০০০ ভ’ল্টৰ তাৰৰ দুই মিটাৰ দূৰত্ব স্পৰ্শ কৰিব পৰাকৈ কেঁচা বাঁহ অথবা লোহা এতিয়াৰ পৰা পাৰ নকৰিব একেদৰে বৰষুণৰ বতৰত ছাতি লৈ তাঁৰৰ তলেৰে পাৰ হোৱাৰ দৰে ভুলো নকৰিব ২৫,০০০ ভ’ল্টৰ তাঁৰৰ পৰা দুই মিটাৰৰ সংস্পৰ্শলৈ আহিলেই কিন্তু নিমিষতে ছাই হৈ পৰিব শৰীৰ গতিকে ৰে’লপথত পূৰ্বৰ দৰে টিঘিল-ঘিলাই ফুৰাৰ দৰকাৰ নাই

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial