গোপনীয়তাৰ কথা নাই নাগৰিকৰ ইমেইল পৰীক্ষা কৰিব পাৰিব আয়কৰ বিভাগে৷ নতুন আইন অনুসৰি বিভাগীয় বিষয়াই কৰদাতাৰ সকলো গোপনীয় তথ্য নিৰীক্ষণ কৰিব পাৰিব কোনেও যাতে আয়কৰ ফাঁকি দিব নোৱাৰে তাৰ বাবে যাৱতীয় প্ৰণালী নিৰ্ধাৰণ কৰিছে চৰকাৰে এতেকে নিৰ্মলা সীতাৰমণে প্ৰণয়ন কৰা আইনত সন্নিৱিষ্ট কৰা হৈছে বহু দফা সেই অনুসৰি কোনো কৰদাতাই যাতে চৰকাৰক আয়ৰ বিষয়ে বিভ্ৰান্ত কৰিব নোৱাৰে তাৰ বাবে গ্ৰহণ কৰা হৈছে কঠোৰ ব্যৱস্থা প্ৰায় ৬০ বছৰীয়া পুৰণি প্ৰণালীৰ অৱসান ঘটোৱা আইনখনত আছে কৰদাতাৰ ব্যক্তিগত গোপনীয়তা ভংগ কৰাৰ বৈধ নীতি তদানুসৰি আয়কৰ বিভাগে জনতাৰ উপাৰ্জনৰ উৎস বিচাৰ কৰিবলৈ ইমেইল আৰু গোপনীয় মেছেজ পৰীক্ষা কৰিব একেদৰে কৰদাতাৰ ছ’চিয়েল মিডিয়া একাউণ্টো আয়কৰ বিভাগৰ নজৰত থাকিব অৰ্থাৎ সকলো সময়তে আয়কৰ বিভাগে নজৰবন্দী কৰি ৰাখিব ভাৰতীয় কৰদাতাক৷ কোনেও চৰকাৰক কৰ দিয়াত যাতে ফাঁকি দিব নোৱাৰে তাৰ বাবে কঠোৰ নিয়ম নতুন আইনৰ জৰিয়তে লাগু কৰা হ’ব এইখনৰ জৰিয়তে আয়কৰৰ বিষয়াই উপাৰ্জনৰ উৎস পৰীক্ষাৰ বাবে কৰদাতাৰ লেপটপ আৰু হাৰ্ডডিস্ক বাজেয়াপ্ত কৰিব পাৰে তেওঁলোকক ইলেকট্ৰ’নিক সৰঞ্জামৰ পাছৱৰ্ড দিবলৈ কৰদাতা বাধ্য এটা পৰ্যায়ৰ বিষয়াই এইবোৰ পৰীক্ষা কৰাৰ কৰ্তৃত্ব লাভ কৰিব বুলি আইনত স্পষ্টভাৱে উল্লেখ আছে পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলগীয়া আইনখনৰ জৰিয়তে আয়কৰ বিষয়াই সকলো কৰদাতাৰ ছ’চিয়েল মিডিয়া একাউণ্ট পৰীক্ষা কৰিব