ভূ-গৰ্ভৰ অস্থিৰ, অসমত বৰভূঁইকঁপ

আকৌ ধৰিত্ৰী জোকাৰি গ’ল ভূমিকম্পই৷ 5.6 প্ৰাবল্যৰ শক্তিশালী ভূঁইকঁপে জোকাৰি পেলালে অসম৷ বৰভূঁইকঁপৰ আশংকাত জনতা ত্ৰস্তমান হৈ থকা সময়তে শক্তিশালী প্ৰাবল্যৰ ভূমিকম্পই আতংকৰ সৃষ্টি কৰিলে৷
এই ভূমিকম্পৰ দৈঘ্য আছিল প্ৰায় ২০ ছেকেণ্ড৷ কিন্তু ঠাইবিশেষে 5.6 প্ৰাবল্যৰ জোকাৰণি ৩০ ছেকেণ্ডপৰ্যন্ত অনুভূত হয়৷ ভূ-বিজ্ঞানীয়ে সদৰী কৰা অনুসৰি এই ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে মণিপুৰ৷
কিন্তু ধাৰাবাহিক জোকাৰণিয়ে অসমবাসীৰ বাবে কঢ়িয়াইছে দুৰ্যোগৰ বতৰা৷ ভূ-গৰ্ভৰ টেক্টনিক প্লেট অস্থিৰ হৈ পৰাৰ বাবে ৰাজ্যত ১৯৫০ৰ বৰভূঁইকঁপৰ দৰে বিপৰ্যয়ৰ সূত্ৰপাত হোৱাৰ আগজাননী দিছে ভূ-বিজ্ঞানীয়ে৷
ভূ-গৰ্ভৰ অস্থিৰতাৰ বাবে আগতে কেতিয়াও নোহোৱা ধৰণৰে মধ্যম প্ৰাবল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ হৈ পৰিছে অসম৷ আজিৰ ভূমিকম্পতো কেবাটাও অট্টালিকাত ফাঁট মেলাৰ খবৰ পোৱা গৈছে৷
এই জোকাৰণিয়ে আকৌ দিছে ভয়াৱহতাৰ সংকেত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial