মিঞা এলেকাত সদায় হৈছে দুৰ্ঘটনা

এই দৃশ্যটো চাওক বেটেৰী ৰিক্সাৰ উৎপাতত ৰাস্তাত গাড়ী চলোৱাই হৈ পৰিছে বিপজ্জনক মন্থৰ গতিৰে মফচলৰ আলিত চলি থকা টমটমে কোনো গাড়ীকে আগত যাবলৈ নিদিয়ে বিশেষকৈ সংখ্যালঘু অধ্যুষিত এলেকাত টমটমৰ বাবে সদায় দুৰ্ঘটনা সংঘটিত হৈছে এখন মফচলীয় চহৰতে টমটমৰ সংখ্যা হৈছেগৈ প্ৰায় ৫০০ তদুপৰি মূল পথতো বেটেৰী ৰিক্সা চলাচলত কৰ্তৃপক্ষই বাধা দিয়া নাই গতিকে আন গাড়ী চলিবলৈ ঠায়েই নোহোৱা হৈছে নগৰবোৰত প্ৰধানতঃ ৰে’ল সংযোগ থকা নগৰত টমটমৰ ভিৰ অত্যধিক হৈ পৰিছে কম ভাৰাৰ বাবে গ্ৰাহকেও বেটেৰী ৰিক্সাকে পছন্দ কৰিছে কিন্তু প্ৰতিখন চহৰতে বেটেৰী ৰিক্সাই সৃষ্টি কৰিছে বিশৃংখল পৰিৱেশ কোনো নগৰৰে ফ’ৰলেন ৰাস্তাতো গাড়ী চলাচলত বিঘিনিৰ সৃষ্টি কৰিছে এই টমটমবোৰে স্থানীয় যুৱকে ভাৰা পোৱাৰ আশাত বেটেৰী ৰিক্সাকে চাৰিচকীয়া গাড়ীৰ দৰে চলাইছে ফলত সঘনে সংঘটিত হৈছে দুৰ্ঘটনা স্কুল ছুটী হোৱা অথবা ৰে’ল আহি পোৱাৰ সময়ত বেটেৰী ৰিক্সাৰ উৎপাত বাঢ়িছে মূল পথতো ভিৰৰ সৃষ্টি কৰিছে টমটমবোৰে বেটেৰী ৰিক্সাৰ ভিৰৰ বাবে গাড়ী আগবাঢ়িব নোৱাৰাৰ ফলত অসমত বাঢ়িছে ইন্ধনৰ খৰচ এচাম যুৱকে ক্ষন্তেকীয়া সংস্থাপন ঠিকেই লাভ কৰিছে কিন্তু কিছুদিন চলায়েই বহুতে এৰিছে বেটেৰী ৰিক্সা বেটেৰী সলনি কৰাৰ খৰচ বহন কৰিব নোৱাৰি ৰিক্সা চালনাই বন্ধ কৰিব দিবলগীয়া হৈছে গতিকে এই বিষয়টোত প্ৰয়োজনীয় হৈ পৰিছে চৰকাৰী নিয়ম

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial