মিঞাই ৰমজানতে দেখুৱাই দিয়ক অসমীয়াগিৰী

মুছলমানে এইমাহতে দেখুৱাই দিব পাৰে অসমীয়াগিৰী ৰমজান মাহতে অসমৰ মুছলমানে সলনি কৰি পেলাব পাৰে অৰ্থনীতি বৰ্তমান অসমৰ প্ৰায় ৮০ লাখ মুছলমানে পৱিত্ৰ মাহটোত ৰোজা পালন কৰিছে গতিকে ৰোজা ধৰা মানেই ইফতাৰৰ প্ৰয়োজন হয় অৰ্থাৎ প্ৰায় ১ কোটি মানুহে এই এমাহ ইফতাৰ কৰিব ইফটাৰত যি খাদ্য খোৱা হয় তাৰ এক বুজন অংশ আমদানিকৃত হৈছে খাদ্য ফলত ৰমজানত অসমৰ পৰা কোটি কোটি টকা বাহিৰলৈ ওলাই যায় কিন্তু ঘৰুৱা খাদ্য গ্ৰহণ কৰি অসমৰ মুছলমানে অৰ্থনীতি সলাই পেলাব পাৰে স্থানীয়ভাৱে উৎপাদিত খাদ্যহে ইফতাৰ আৰু চেহৰীত যদি তেওঁলোকো খায় তেন্তে
অসমৰ থলুৱা কৃষক উপকৃত হ’ব বৰ্তমান ইফতাৰত অধিকসংখ্যক ৰোজাদাৰেই খেজুৰ বা আন ফল খায় কিন্তু এইবোৰ অসমত উৎপাদিত নহয়৷ বাহিৰৰ পৰা অনাৰ ফলত খেজুৰ অথবা আপেলৰ ধনো অনা-অসমীয়া বেপাৰীয়েই লাভ কৰে৷ কিন্তু যদি পিঠাৰে অসমৰ মুছলমানে ইফতাৰ অথবা চেহৰি কৰে তেন্তে ৰাজ্যৰ খিলঞ্জীয়া লোক লাভৱান হৈ পৰিব আমাক জনোৱা অনুসৰি অসমৰ ৮০ শতাংশ গৰীয়া মহিলাই আদা আৰু গৰম পানীৰে ৰোজা ভংগ কৰে সেইবাবে উজনি আৰু মধ্য অসমত ৰমজানত বাঢ়ি যায় আদাৰ দাম একেদৰে যদি আমদানি কৰা ফল এৰি অসমৰ মুছলমানে মধুৰীআম অথবা পিঠাৰে ইফতাৰ কৰে তেন্তে ঘৰৰ পইচাও ঘৰতে থাকিব তেওঁলোকৰ ইফতাৰৰ ধনো লাভ কৰিব অসমীয়া খেতিয়কে তদুপৰি ইফতাৰত আৰবীয় খেজুৰ খাবই লাগিব বুলিও কোনো ধৰ্মীয় নিয়ম নাই একেদৰে আলি মেচ অথবা আজান ফকীৰ আদি অসমীয়া মুছলমানৰ পূৰ্বপুৰুষেও আৰবীয় ইফতাৰ কৰাৰো উদাহৰণ নাই গতিকে অসমৰ মুছলমানে ৰমজানত দেখুৱাই দিয়ক অসমীয়াগিৰী

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial