মন্দিৰলৈ গৈ ভগৱানক নেদেখিবও পাৰে, কিন্তু আলিংগন কৰি থকা প্ৰেমিক-প্ৰেমিকাক দেখিবই হিন্দুধৰ্মীয় তীৰ্থ সম্প্ৰতি এইসকল উতনুৱা প্ৰেমাস্পদৰ বাবে ডেটিঙৰহে স্থান হৈ পৰিছে তেওঁলোকে মন্দিৰৰ বাহিৰত প্ৰেমলীলা কৰি বিনষ্ট কৰিছে পৰিৱেশ বয়োজ্যেষ্ঠ লোকৰ বাবে পৰিৱেশ হৈ পৰিছে অস্বস্তিকৰ কোনো মন্দিৰৰ চৌহদতে বৰ্তমান বয়োজ্যেষ্ঠ লোকে ভ্ৰমণ কৰিব নোৱাৰা হৈছে গুৱাহাটীৰ বশিষ্ঠ মন্দিৰ ধৰ্মীয় অনুষ্ঠানৰ পৰা লাহে লাহে অশ্লীলতাৰ অভিকেন্দ্ৰলৈ পৰ্যৱসিত হৈছে একেটা পৰিস্থিতিৰে সৃষ্টি হৈছে কেবাটাও মন্দিৰত শেহতীয়াকৈ বশিষ্ঠ মন্দিৰত নৈৰ পাৰতে বহি কেবাযোৰো প্ৰেমাস্পদে আলিংগন কৰি থকাৰ দৃশ্যই বিমোৰত পেলাইছে বয়োজ্যেষ্ঠ লোকক মুকলিতে প্ৰেমিক-প্ৰেমিকাৰ আলিংগনত লজ্জ্বিত হৈছে সাধাৰণ ভক্ত কিন্তু তেওঁলোকক হকা-বধা কৰিবলৈয়ো মন্দিৰত নাই নিয়ম৷ ফলত নদী পাৰ হৈ গছৰ তলত বহি অশ্লীলতাৰ পোহাৰ মেলিছে প্ৰেমাস্পদে একেটা পৰিস্থিতিৰে সৃষ্টি হৈছে তেজপুৰৰ হলেশ্বৰ মন্দিৰ৷ মহাভৈৰৱ মন্দিৰতো প্ৰেমলীলাৰ ফলত সোমাবলৈ ভয় কৰা হৈছে বয়সীয়াল ভক্তই৷ গোগামুখৰ হনুমান মন্দিৰ আৰু আন ঠাইতো অনুৰূপ পৰিস্থিতিৰে সৃষ্টি হৈছে বিশেষকৈ বৰ্তমান এই অশ্লীলতাই অতিষ্ঠ কৰিছে সাধাৰণ ভক্তক প্ৰশাসনেও ধৰ্মীয় পৱিত্ৰতা ৰক্ষাৰ বাবে কোনো ব্যৱস্থা লোৱা নাই ফলত মন্দিৰতে ডেটিং কৰিছে প্ৰেমিকে৷ অশ্লীলতাৰ প্ৰকাশ্য ৰূপে চৰম ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত সামাজিক শৃংখলাই বিপন্ন হৈ পৰিছে