বেশ্যালয় নে স্পা? স্পাৰ নামত দেহাৰ বেহা অসমৰ প্ৰায় প্ৰতিখন চহৰতে আছে বেশ্যালয় চৰকাৰীভাৱে স্বীকৃত নহ’ব পাৰে, পিছে সকলো নগৰ-চহৰতে পুৰুষক যৌন তৃপ্তি দিছে বেশ্যাই আমি আপোনালোকক দেখুওৱা এইখন অবৈধ বেশ্যালয় হৈছে বঙাইগাঁৱৰ চহৰখনৰ বিখ্যাত স্পাত শেহতীয়াকৈ এগৰাকী মহিলাই পুৰুষ সংগীক যৌনসুখ প্ৰদানৰ দৃশ্য কেমেৰাত বন্দী হৈছিল অভিজাত এলেকাত স্থাপিত স্পাখনত কিন্তু দেহৰ ব্যৱসায়ৰ অভিযোগ বহুদিনৰ পৰাই উত্থাপিত হৈছিল অভিযোগ অনুসৰি স্পাখনৰ পৰা সদায় আবৰ্জনাৰ সৈতে পৌৰ নিগমৰ ডাষ্টবিনত পেলোৱা হৈছিল ব্যৱহৃত কনড’ম কেবাটাও বেগত ব্যৱহৃত কনড’ম ভৰাই ডাষ্টবিনত পেলোৱাৰ বাবে চকুত পৰিছিল স্পাখন পৌৰ নিগমৰ কৰ্মীয়ে সদায় কঢ়িয়াবলগীয়া হৈছিল অভিজাত বেশ্যালয়ৰ পেলনীয়া কনড’ম কিন্তু ইয়াৰ মাজতে স্পাখনত ধৰা পৰিল এহাল পুৰুষ-মহিলা৷ স্পাখনৰ ভিতৰত যৌনতাত লিপ্ত হোৱাৰ সময়ত তেওঁলোক কেমেৰাত বন্দী হ’ল এই দৃশ্য বঙাইগাঁৱৰ যদিও অসমৰ সকলো নগৰতে ঘটিছে এনে ঘটনা অভিজাত এলেকাত অত্যাধুনিক সুবিধাৰে স্থাপিত এখন বিশেষ স্পাত সদায় চলিছে যৌনতাৰ বেহা স্পাৰ মালিকে স্থানীয় যুৱতীক যৌনতাত লিপ্ত কৰাইছে তেওঁলোক হৈ পৰিছে একাংশ যুৱতীৰ উপাৰ্জনৰ মাধ্যম বৰ্তমান বিশেষকৈ বয়োজ্যেষ্ঠ লোকক স্পাবোৰ লক্ষ্য কৰি লৈছে শৰীৰ মালিচৰ নামত স্পাবোৰে বৃদ্ধ লোকক দিছে গাভৰুৰ সংগসুখ শৰীৰ মালিচৰ সময়ত গোপন কোঠা বৃদ্ধ লোকক যৌনতাত লিপ্ত হোৱাৰ সুযোগ দিছে ফলত স্পায়ে পাইছে পইচা