আচৰিত কাণ্ড হৈছে কিন্তু পুলিচেও একো কৰা নাই তথাপি গুৱাহাটীখনত নোহোৱা হৈ গৈছে ট্ৰেফিক জেম সপোন সপোন যেন লাগিলেও গুৱাহাটীত ৮০ শতাংশ যান-জঁট নোহোৱা হৈ গ’ল কিন্তু গুৱাহাটীত চলিয়েই আছে সমান পৰিমাণৰ গাড়ী এডভাণ্টেজ অসমৰ পূৰ্বে যিখন গুৱাহাটীত জেমৰ বাবে গাড়ী চলাব নোৱাৰা হৈছিল, তাতে এতিয়া ৰাস্তা খালী হৈ গৈছে অৱশ্যে কোনো যাদু-মন্ত্ৰৰ বাবে গুৱাহাটীত ট্ৰেফিক জেম নোহোৱা হোৱা নাই মহানগৰীত গাড়ীৰ দীঘলীয়া লাইন নোহোৱা হোৱাৰ কাৰণ হৈছে উচ্ছেদ অভিযান এডভাণ্টেজ অসমৰ পূৰ্বে মহানগৰীৰ পদপথত প্ৰশাসনে উচ্ছেদ চলাইছিল ঘুগুনি-পকৰীৰ পৰা চাহৰ দোকানলৈ সকলোবোৰ উঠাই দিয়া হৈছিল৷ পদপথতে পোহাৰ মেলা পাচলি বেপাৰীকো খেদি দিছে আৰক্ষীয়ে৷ ফলত তেওঁলোকৰ উপাৰ্জন নোহোৱা হৈছে, কিন্তু পৰিষ্কাৰো হৈছে গুৱাহাটী৷ গণেশগুৰিৰ গোপাল বড়ো হাইস্কুল, কাহিলীপাৰাৰ পদপথ আদিত দোকান নথকাৰ ফলত ভিৰ হোৱা নাই৷ পদপথেৰে খোজ কাঢ়ি পাৰ হৈছে পথাচাৰী৷ একেদৰে এইবোৰ দোকানত সামগ্ৰী কিনিবলৈয়ো কোনেও গাড়ী ৰখোৱা নাই ফলত পথৰ দাঁতিতে অনাৱশ্যক ভিৰো নোহোৱা হৈছে ফুটপাথৰ দোকানবোৰত বিক্ৰেতাৰ উপৰি গ্ৰাহকৰ এটা দলো সচৰাচৰ থাকে গড়ে ৩০ মিটাৰৰ ব্যৱধানত থাকে এখনকৈ দোকান৷ সেইবোৰৰ গ্ৰাহকে পদপথ সম্পূৰ্ণ আবদ্ধ কৰে৷ কিন্তু উচ্ছেদৰ পিছত ভিৰ নোহোৱা হৈছে আনকি ভিৰৰ সময়তো গুৱাহাটীৰ যান-জাঁটৰ সমস্যা আধা কমি গৈছে মাছ, ব্ৰইলাৰ মাংসৰ দোকান উঠাই দিয়াৰ ফলত ব্যস্ত পদপথ দখল কৰিবলৈ কোনেও সুবিধা পোৱা নাই৷ দোকান থকা সময়ত ফুটপাথেৰে যাব নোৱাৰি পথাচাৰী ৰাস্তালৈ নামে গতিকে গাড়ীৰ চলাচলো স্থবিৰ হৈ পৰে কিন্তু এতিয়া ফুটপাত খালী হোৱাৰ বাবে পথত কেৱল গাড়ীহে চলিছে এই সাধাৰণ কথাটোকে ধৰিব নোৱাৰাৰ বাবে চৰকাৰে অভাৰব্ৰীজ সাজিয়েই যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ বিফল চেষ্টা চলাই আহিছে কিন্তু উচ্ছেদ চলোৱাৰ পিছতে দেখা গৈছে সুফল৷ কিছুদিন পূৰ্বে দীঘলীপাৰত উচ্ছেদ হোৱাৰ পিছত সেই এলেকাটোতে যান-জঁট কমি গৈছে এতিয়া যদি পদপথ খালী কৰি ৰখাৰ ব্যৱস্থা লয় তেন্তে মুকলি হৈ যাব গুৱাহাটীৰ পথ