৩৭ বছৰীয়া সংসাৰৰ পিছত বিচ্ছেদ

কম খঙত গোবিন্দাৰ পৰা সৈতে বিচ্ছেদ বিচৰা নাই সুনীতা আহুজাই৷ বিবাহৰ ৩৭ বছৰৰ পিছত মহিলাগৰাকীয়ে ডিভ’ৰ্চৰ আবেদন জনোৱাৰ আঁৰত আছে একাধিক কাহিনী গোবিন্দৰ পৰকীয়া প্ৰেমৰ বাবেই সুনীতা অতিষ্ঠ হৈ পৰিছে বুলি ঘনিষ্ঠ সূত্ৰই নিশ্চিত কৰিছে মাত্ৰ ৩১ বছৰীয়া এগৰাকী যুৱতীৰ সৈতে গোবিন্দাৰ প্ৰেমৰ বাবে বিচ্ছেদৰ আবেদন কৰিছে পত্নী সুনীতাই৷ ৬১ বছৰীয়া অভিনেতাজনৰ সৈতে বহুদিনৰ পৰা একেলগে বাস কৰা নাছিল সুনীতাই৷ একমাত্ৰ কন্যা নৰ্মদা আৰু পুত্ৰ যশবৰ্ধনৰ সৈতে এটা সুকীয়া ঘৰত তেওঁ বাস কৰিছিল৷ চৰু সুকীয়া কৰি লোৱাৰ অৱশ্যে আছিল কাৰণ৷ খবৰ অনুসৰি গোবিন্দা ভাটী বয়সত আকৌ পৰকীয়া প্ৰেমত পৰিছে মাৰাঠী অভিনেত্ৰী এগৰাকীৰ সৈতে গোবিন্দাৰ প্ৰেম হৈছে৷ ৬১ বছৰীয়া গোবিন্দাই লিভিং টুগেদাৰ কৰিছে মাত্ৰ ৩০ বছৰীয়া প্ৰেমিকাৰ সৈতে যাৰ বাবে অতিষ্ঠ হৈ সুনীতাই ঘৰ ত্যাগ কৰিছিল৷ কেবাবাৰো সকীয়নিৰ পিছত স্বামীৰ স্বভাৱ সলনি হ’ব বুলি আশা কৰিছিল পত্নীয়ে৷ কিন্তু বুঢ়া বয়সত পৰকিতি লৰা গোবিন্দাই সংসাৰখন ৰক্ষা কৰিবলৈ মুঠেও চেষ্টা নকৰিলে যাৰ বাবে পুত্ৰ-কন্যাও লজ্জ্বিত হৈ পৰিল৷ ফলত বিগত কিছুদিনধৰি অধিবক্তাৰ জৰিয়তে পত্নী সুনীতাই গোবিন্দালৈ কেবাবাৰো ডিভ’ৰ্চ ন’টিচ প্ৰেৰণ কৰিছিল৷ কিন্তু পত্নীৰ জাননীৰ প্ৰতি গুৰুত্ব দিয়া নাছিল গোবিন্দাই পিছে এইবাৰ তেওঁ শ’লঠেকত পৰিছে৷ গতিকে গোবিন্দাৰ বিচ্ছেদ হৈ পৰিছে নিশ্চিত৷ বিগত সময়ত বন্ধুসকলে ভঙা সংসাৰখন জোৰা লগাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল৷ কিন্তু ৩১ বছৰীয়া অভিনেত্ৰীৰ প্ৰেমত বলীয়া হৈ পৰা গোবিন্দাই কাৰোৰে কথা নুশুনিলে জীয়েকৰ বয়সীয়া অভিনেত্ৰীয়ে উন্মনা কৰি তোলা গোবিন্দাই প্ৰেমিকাৰ সৈতে সংসাৰ কৰিবলৈ মনস্থ কৰিছে সেয়ে এৰিছে পত্নীক

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial