দেখিলেই আপোনাৰ লাজ লাগি যাব চৰকাৰে বিনিয়োগকাৰীৰ বাবে সন্মিলন পাতিছে৷ অতিথি হিচাপে মাতিছে দেশৰ ভিতৰতে চহকী উদ্যোগপতিক তাতে আকৌ খাদ্য বিচাৰি মাৰ-পিট লাগিছে স্থানীয় উদ্যোগীৰ৷ থালেৰে ইজনে-সিজনক প্ৰহাৰ কৰিছে৷ মুঠতে সৃষ্টি হৈছে লাজ লগা পৰিৱেশৰ এডভাণ্টেজ অসমৰ সমান্তৰালকৈ মধ্যপ্ৰদেশতো বিজেপি চৰকাৰে বিনিয়োগকাৰী সন্মিলন অনুষ্ঠিত কৰিছিল৷ তালৈয়ো গৈছিল প্ৰধানমন্ত্ৰী মোদী৷ কিন্তু বিনিয়োগকাৰী সন্মিলনৰ নামত মধ্যপ্ৰদেশত সৃষ্টি হ’ল বিশৃংখল পৰিস্থিতি সেই অনুষ্ঠানৰ মাজতে আয়োজকে স্বাভাৱিকতে খাদ্য পৰিৱেশন কৰিছিল কিন্তু লুভীয়া স্থানীয় উদ্যোগীৰ মাজত তেতিয়া খাদ্য বিচাৰি হুলস্থুল লাগিল একেলগে কেবাজনো সোমাই যোৱাৰ ফলত পুৰী-ছবজী খাবলৈ সকলোৰে হেতা-ওফৰা লাগিল তেতিয়া বিপাঙত পৰিল বিলনীয়া কিন্তু বিনিয়োগ বিচাৰি যোৱা থলুৱা উদ্যোগীয়ে নিজৰ মাজতে মাৰ-পিট আৰম্ভ কৰিলে তেওঁলোকে বেলেগৰ হাতৰ পৰা কাঢ়ি ল’লে থাল ঠেলা-হেঁচাৰ প্ৰকোপত ভোজনশালাৰ এটা অংশ খহি পৰিল তথাপি কিন্তু কোনো শান্ত নহ’ল পুৰীৰ লোভত বিনিয়োগকাৰীয়ে মাৰ-পিট কৰিয়েই থাকিল তাৰ মাজতে এজনে আকৌ মূৰত লৈ চুৰি কৰি নিলে পুৰীৰ চৰিয়া বিনিয়োগ বিচাৰি যোৱাসকলে খাদ্যৰ বাবে ভোজনশালাত যুদ্ধ কৰিলেগৈ৷ তেওঁলোকৰ বাবে পৰিৱেশ হৈ পৰিল উত্তপ্ত সামান্য খাদ্যৰ বাবে উন্মাদ হৈ পৰা বিনিয়োগকাৰীয়ে কৰা কাণ্ডই মধ্যপ্ৰদেশকে লজ্জ্বানত কৰিলে কিন্তু ইমানখিনিৰ পিছতো শান্ত নহ’ল মধ্যপ্ৰদেশৰ স্থানীয় উদ্য়োগী৷ চৰকাৰী মহা আয়োজনৰ সময়ত পুৰী খাবলৈ তেওঁলোকে কাজিয়া কৰিয়েই থাকিল বহুতে চুৰি কৰি নিলে ছবজী শেষত পুলিচেহে স্থানীয় উদ্যোগীক টঙনিয়াবলগীয়া হ’ল