লকডাউনৰ সময়ত নাচৰ ক্লাছত ধনশ্ৰী বাৰ্মাৰ সৈতে চিনাকি হৈছিল যজুৰ্ৱেন্দ্ৰ চহলৰ অনলাইন ক্লাছত নৰ্তকী ধনশ্ৰীৰ পৰা নৃত্যৰ প্ৰশিক্ষণ লৈছিল স্পীনাৰ চহলে তেতিয়া সম্পৰ্ক আছিল সম্পূৰ্ণ পেছাদাৰী৷ কিন্তু পৰিস্থিতি সলনি হ’ল প্ৰেমৰ পিছত ২০২০ চনৰ ২২ ডিচেম্বৰত দুয়ো সংসাৰ তৰিলে৷ কিন্তু ৫ বছৰীয়া সংসাৰৰ শেষত ডিভ’ৰ্চৰ ফলত ধনশ্ৰীক চহলে দিবলগীয়া হ’ল নগদ ৬০ কোটি টকা নৰ্তকী ধনশ্ৰীয়ে যেতিয়া চহলৰ সৈতে বিবাহত বহিছিল তেতিয়া তেওঁ আছিল উচ্চ মধ্যবিত্ত ঘৰৰ কন্যা৷ ধনশ্ৰী বাৰ্মা আছিল দন্ত চিকিৎসক৷ কিন্তু সেই কেৰিয়াৰ বাদ দি তেওঁ হৈছিলগৈ নৃত্য পটিয়সী৷
পিছে ক্ষীণকায় চহলে দীৰ্ঘদিনে ক্ৰিকেট খেলি উপাৰ্জন কৰা ধনৰ সিংহভাগ অৱশেষত ধনশ্ৰীকে দি দিবলগীয়া হ’ল গতিকে অনুৰাগীৰ মতে ধনশ্ৰী হৈছে দেশৰ সবাতোকৈ চহকী উদ্যোগী৷ যি ৫ বছৰীয়া ব্যৱসায়ৰ পিছত ৬০ কোটি টকা লাভ আদায় কৰিলে৷ টীম ইণ্ডিয়াৰ অনিয়মীয়া সদস্য চহলে ক্ৰিকেটৰ পৰা এইপৰ্যন্ত আয় কৰিছিল প্ৰায় ৪৫ কোটি টকা অৱশিষ্ট ধনৰাশি তেওঁ ব্ৰেণ্ড এনড’ৰ্ছমেণ্টৰ পৰা উপাৰ্জন কৰিছিল৷ BCCIৰ চুক্তিৰ ধনৰ উপৰি IPLৰ ফ্ৰেন্সাইজীৰ পৰাও চহলে বিশাল পৰিমাণৰ দৰমহা লাভ কৰে এই সকলো মিলাই উপাৰ্জিত সম্পত্তিৰ প্ৰায় ৮০ শতাংশ চহলে পত্নীক ক্ষতিপূৰণ হিচাপে দিব লাগিব তেওঁৰ নামত থকা মাটি-ভেটি বিক্ৰী কৰি হ’লেও স্পীনাৰজনে ধনশ্ৰীক দিব লাগিব ক্ষতিপূৰণ এয়াই হৈছে চহলে নিজ ইচ্ছাত বিয়া পতাৰ পৰিণাম টীম ইণ্ডিয়াৰ সতীৰ্থ সদস্যৰ কথা নুশুনাকৈ ততালিকে বিয়াৰ পিছত চহলে পত্নীক জীৱনৰ সমস্ত উপাৰ্জন দিব লাগিব কিন্তু বিচ্ছেদৰ সময়ত চহলৰ ক্ৰিকেট কেৰিয়াৰো হৈ পৰিছে অনিশ্চিত তেওঁ বৰ্তমান টীম ইণ্ডিয়াৰ সদস্য নহয় IPLৰ ফ্ৰেন্সাইজীও চহলৰ প্ৰতি নহয় বিশেষ আগ্ৰহী গতিকে হয়তো জীৱনৰ অনাগত সময়ছোৱাত চহকীৰ পৰা মধ্যবিত্তলৈ অৱনমিত হ’ব চহল বিলাসী ফাৰ্ম হাউছৰ পৰা ফ্লেটলৈ নামিবলগীয়া হ’ব পাৰে চহল
চহৰ পৰা নৰ্তকী পত্নীয়ে কাঢ়ি নিলে কিমান?
