চন্দ্ৰমোহন পাটোৱাৰীয়েও কৈছিল ডেষ্টিনেশ্যন জাপানৰ কথা

এডভাণ্টেজ অসমত যিমানে চুক্তি নকৰক কিয়, জাপানত অসমীয়া মানুহে চাকৰি কৰাটো অসম্ভৱ এই কথাটো আমি ওপৰতে কৈ দিয়া নাই৷ পৰিস্থিতিৰ বিশ্লেষণ কৰি কৈছোঁ কাৰণ জাপানত অসমীয়া নালাগে, দক্ষিণ কোৰিয়াৰো সৰ্বাধিক ২০ জন লোকেহে চাকৰি লাভ কৰিছে৷
চুবুৰীয়া মেঘালয়ত যেনেকৈ বহিৰাগতক ডখাৰ বুলি কোৱা হয়, জাপানতো সেইদৰেবিদেশী মানুহক গেইজিং বুলি কয় জাপানী লোকসকল স্বভাৱত একেবাৰে শান্ত৷ তেওঁলোক নিজৰ দেশখনক লৈয়েই ব্যস্ত হৈ থাকে কিন্তু কৰ্মদক্ষতাৰ বাবে জাপানত চাকৰি লাভ কৰাটো অত্যন্ত কঠিন কিন্তু চাকৰি কৰিবলৈ গৈ জাপানত সংস্থাপিত হ’লেও বহিৰাগতক স্থানীয় লোকে সন্মান নকৰে জাপানী মহিলাৰ সৈতে বিবাহৰ পিছতো বিদেশী লোকক স্থানীয় নাগৰিকে গেইজিং বুলি অপমানহে কৰে জাপানত চাকৰি লাভ কৰাটো অত্যন্ত টান হোৱাৰ কাৰণ আছে কিয়নো দেশখনত এবাৰ সংস্থাপিত হলে কোনেও চাকৰি হেৰুওৱাৰ বাবে ভয় কৰিব নালাগে৷ জাপানী নিয়ম অনুসৰি কাকো চাকৰিৰ পৰা বৰ্খাস্ত কৰা নহয় যদি জাপানত যিকোনো প্ৰতিষ্ঠানৰ পৰিচালনা বিভাগ অৰ্থা ব্লু কলাৰ চাকৰি বিদেশীয়ে লাভ কৰে তেন্তে থলুৱা নাগৰিক বঞ্চিত হয় কিয়নো এবাৰ যোগদানৰ পিছত জাপানত চাকৰিয়ালক বৰ্খাস্ত কৰাৰ নজিৰ প্ৰায় নায়েই৷ বৰঞ্চ কৰ্মচাৰীৰ কাম কৰাৰ স্বভাৱ চাই অন্য বিভাগত চাকৰি দিয়া হয় শ্ৰমিক হিচাপেও জাপানত চাকৰি পোৱাটো টান তাৰ কাৰণ হৈছে অত্যধিক প্ৰতিযোগিতা চৰকাৰৰ দক্ষতা বিকাশৰ ফলত জাপানৰ যুৱপ্ৰজন্ম সকলো বিদ্যাতে পাৰ্গত হৈ উঠিছে সেয়ে তেওঁলোকে শ্ৰমিক অৰ্থাৎ হোৱাইট কলাৰ চাকৰি বিদেশীক এৰি নিদিয়ে চাকৰিৰ অভাৱৰ বাবে বহিৰাগত গেইজিঙৰ প্ৰতি জাপানীৰ বিদ্বেষ উপজিছে অৱশ্যে এডভাণ্টেজ অসমত এইবাৰ পুনৰ জাপানত অসমীয়াই চাকৰি বিচৰাৰ কথাটো ওলালেও বিগত সময়তো একেটা প্ৰসংগই উত্থাপিত হৈছিল৷ তেতিয়াৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও অসমীয়াই জাপানত চাকৰি কৰিব বুলি কৰিছিল দাবী৷ কিন্তু কিমান অসমীয়াই জাপানলৈ গৈ চাকৰি কৰিলে তাৰ হিচাপ পাটোৱাৰীয়ে দিব নোৱাৰিলে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial