এতিয়াৰ বিজেপিয়ে চিনিয়েই নাপালে ত্যাগী নেতাক

মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিলে কিন্তু দলৰ বেছিভাগ নেতা-পালিনেতাই চিনিয়েই নাপালে মানুহজনৰ নাম হৰেকৃষ্ণ ভৰালী ইতিমধ্যে তেওঁৰ মৃত্যু সংবাদ বিয়পি পৰিছে কিন্তু ৰাজ্যত বিজেপিৰ উত্থানত ভৰালীৰ অৱদান কিমান সেয়া তল পৰি আছে দলটোৰ প্ৰাক্তন বিষয়ববীয়া ভৰালী আছিল ভাৰতীয় জনসংঘৰে সদস্য চৰকাৰ গঠন হোৱাৰ পিছত এদিনো তেওঁ গুৰুত্ব নাপালে কংগ্ৰেছৰ পৰা গৈ বৰ্তমান বিজেপিত দপদপাই থকা বহুতে তেওঁক চিনিয়েই নাপালে কিন্তু যেতিয়া উজান বজাৰত বিজেপিৰ অফিচ আছিল, তেতিয়াই প্ৰবীৰ বৰুৱা, ইন্দ্ৰমণি বৰা, ; নাৰায়ণ বৰকটকী আদিৰ সৈতে কাম কৰিছিল হৰেকৃষ্ণ ভৰালীয়ে তেতিয়াৰ বিজেপিৰ নিস্তেজ অফিচত এইকেইজনেই আছিল কৰ্ণধাৰ কেতিয়াবা বিজয়া চক্ৰৱৰ্তী, কবীন্দ্ৰ পুৰকায়স্থৰো অফিচত প্ৰৱেশ ঘটিছিল৷ সংগ্ৰামী আৰু সহজ-সৰল লোক হিচাপে পৰিচিত হৰেকৃষ্ণ ভৰালীক ১৯৭৫ চনৰ ৭ ডিচেম্বৰত মাছখোৱা বাছ ষ্টপৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তেওঁক ৯ ডিচেম্বৰপৰ্যন্ত জেৰা কৰা হৈছিল। তেতিয়াই নিশা সুৰামত্ত ASP দেৱব্ৰত চৌধুৰীয়ে হৰেকৃষ্ণ ভৰালীক কোবাবলৈ জোৱানক নিৰ্দেশ দিছিল কিন্তু জোৱানকেইজনে তেওঁক একো নকৰিলে৷ তেতিয়া খৰ্গহস্ত হৈ ASPয়ে নিজেই সৌকাৰে হৰেকৃষ্ণ ভৰালীক প্ৰহাৰ কৰিলে কিন্তু তেতিয়া হৰেকৃষ্ণ ভৰালীয়ে মাত্ৰ কৈছিল- এই তিনিটা কোবৰ পৰিণাম ভয়াৱহ হ’ব! তাৰ পিছত ১২ ডিচেম্বৰ তেওঁক জে’ললৈ প্ৰেৰণ কৰা হ’ল পুত্ৰ জে’লত থকা অৱস্থাতে মাকৰ মৃত্যু ঘটিল মাতৃ বিয়োগৰ দ্বিতীয় দিনাহে তেওঁক পুলিচ আবেষ্টনীৰ মাজত হাজোৰ ঘৰলৈ নি পুনৰ ওভতাই অনা হৈছিল সাহসী ভৰালী গুৱাহাটী জে’লত থাকোতেই ASP দেৱব্ৰত চৌধুৰীৰ বিৰুদ্ধে গোচৰ তৰিছিল৷
কিন্তু গোচৰটো নাকচ হোৱাত সেইবাৰ তেওঁক শিলচৰ জে’ললৈ প্ৰৰণ কৰা হৈছিল তাতো ভৰালীয়ে অত্যাচাৰী ASPৰ বিৰুদ্ধে উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হয় পিছলৈ ন্যায়ালয়ে জৰিমনাসহ আৰক্ষী বিষয়াজনক নিলম্বন কৰিছিল সেই অকথ্য অত্যাচাৰ সহিও জীৱনৰ শেষমুহূৰ্তলৈ বিজেপিৰ হৈয়েই কাম কৰি থাকিল হৰেকৃষ্ণ ভৰালীয়ে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial