ৰোহিত-ছামীয়ে খেলিব নোৱাৰে!

নিৰস গেলাৰীত ৰসৰ নিজৰা বৈছে কাৰণ গেলাৰীত উপৱিষ্ট হৈ আছে অনাঘ্ৰাত কুসুমৰ দৰে কুমলীয়া সুন্দৰী পূৰ্ণিমাৰ জোন যেন মুখাবয়ৱৰ ৰূপহীৰ সৌন্দৰ্যত ম্লান পৰি গৈছে চোকা ৰ’দ অজস্ৰ দৰ্শকৰ মাজতো জিলিকি উঠিছে তিলোত্তমাৰ শৰালী হাঁহৰ দৰে আজলী মুখখন দেখিয়েই ক’ব পাৰি নাৰী মলয়াৰ দৰে নিবিড় নাৰী ৰ’দৰ দৰে প্ৰখৰ যি সৌন্দৰ্যক ক’ব পাৰি গ্ৰীক মহাকাব্যৰ ক্লাছিক বিউটী বুলি সেই ধৰণৰ সুন্দৰী বহি থাকিলে গেলাৰীত দৰকাৰ নোহোৱা হৈ যায় লাইটৰ পোহৰ নৈশালোকৰ মেচৰ সময়তো গেলাৰী পোহৰাই ৰাখে ক্লাছিক বিউটীৰ মুখৰ আভাই শৰীৰৰ নিখুঁত BMIৰে দিনৰ আৰব্য ৰ’দৰ চোকক ম্লান পেলাই সুন্দৰীয়ে গেলাৰীত সিঁচি দিয়ে যৌৱন চেম্পিয়নছ ট্ৰফীৰ সময়ত ফিল্ডত যিমানে মনোনিৱেশ কৰিছে, তাতকৈ বেছি গেলাৰীতহে ফ’কাছ কৰিছে কেমেৰামেনে এংগল বিচাৰি নোপোৱাৰ অজুহাতত গেলাৰীৰ সুন্দৰক লেন্সত আবদ্ধ কৰিছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ মেচৰ সময়ত ষ্টেডিয়ামৰ গেলাৰীত বহি আছিল চকু ছাট মাৰি ধৰা ৰূপৰ অধিকাৰী সুন্দৰী৷ বাংলাদেশ-নিউজিলেণ্ডৰ মেচৰ সময়তো গেলাৰী দখল কৰিছিল ৰূপহীয়ে কস্তুৰী মৃগৰ কলিজাৰ সুগন্ধিয়ে চৌদিশে আমোলমোলাই যোৱাৰ দৰে গেলাৰীৰ সুন্দৰীৰ ৰূপৰ জুয়ে দহি-পুৰি মাৰিছে পুৰুষক ক্ৰীজৰ সলনি বহুতৰে চকু পৰিছে গেলাৰীত কিন্তু চেম্পিয়নছ ট্ৰফীৰ সময়ত অস্বস্তিত পৰিছে ভাৰত দলৰ দুই স্তম্ভ ৰোহিত শৰ্মা আৰু মহম্মদ ছামীয়ে আঘাতৰ সমস্যাত ভুগিছে৷ পাকিস্তানৰ বিৰুদ্ধে মেচখনৰ সময়ত বহুসময় দুয়োগৰাকী যথেষ্ট সময় খেলপথাৰৰ বাহিৰত থাকিব লগা হৈছিল৷ অৱশ্যে দুয়ো সুস্থ বুলি টীম মেনেজমেণ্টে দাবী কৰিছে৷ কিন্তু দুশ্চিন্তা আঁতৰা নাই অনুৰাগীৰ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial