শংকৰ সংঘ ত্যাগ আন্দোলনৰ আৰম্ভণি সংঘৰ নিয়মক উপহাস কৰি সংগত্যাগ হয়, উজনিত প্ৰায় উৎখাত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ৷ আহোম জনগোষ্ঠীয় নিয়ম পালনত বাধাৰ বাবে দলে-বলে ভকতে ত্যাগ কৰিছে শংকৰ সংঘ কেবাজনো বৰমূৰীয়াৰ উদ্ধতালিত অতিষ্ঠ আহোম ভকতে সংঘৰ পদবীও ত্যাগ কৰিছে যোৰহাটত ৰাজকীয় অধিৱেশনৰ সামৰণিৰ এসপ্তাহ হৈছিলহে তাৰ পিছতে সৃষ্ট অনাহূত বিতৰ্কৰ পৰিণতিত আহোম সমাজে সংঘ ত্যাগ আন্দোলন ঘোষণা কৰিছে শেহতীয়াকৈ শিৱসাগৰত সম্পূৰ্ণ এখন গাঁৱৰ ৰাইজে শংকৰ সংঘ ত্যাগ কৰিছে গাহৰি পোহাক লৈ বিতৰ্কৰ পিছত মে-ডাম মে-ফি পালনৰ বাধাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ত্যাগ কৰিছে সংঘৰ সংগ শিৱসাগৰৰ প্ৰায় ৩১ খন প্ৰাথমিকৰ অধীনৰ শাখাৰ সদস্যই কিছুদিনৰ ভিতৰতে সংঘ এৰিব বুলিও ঘোষণা কৰিছে তেওঁলোকে ইতিমধ্যে বিতৰ্কৰ বাবে বিতুষ্টি প্ৰকাশ কৰি সংঘৰ ৰাজ্যিকলৈ পত্ৰ প্ৰেৰণ কৰিছে আনহাতে ১৯৭২ চনৰ পৰা সংঘৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা পৰিয়ালেও এৰিছে সংঘ ইতিমধ্যে শিৱসাগৰৰ নামতিয়াল গাঁৱৰ একনিষ্ঠ ভকতেও এৰিছে সংঘ কালুগাঁও প্ৰাথমিক শাখাৰ অনিল কুমাৰ নেওগৰ পৰিয়ালে কিন্তু বাটতো মুকলি কৰিহে দিছে ৫৩ বছৰ সংঘৰ সৈতে জড়িত পৰিয়ালটোৰ প্ৰস্থানৰ পিছত হুৱাদুৱা লাগিছে শিৱসাগৰত কাৰণ তেওঁলোকৰ পিছে পিছে সংঘ ত্যাগৰ অৰ্থে সাজু হৈছে শতাধিক পৰিয়াল সংঘৰ সূত্ৰয়েই সদৰী কৰা অনুসৰি বিতৰ্কৰ পিছত কেৱল শিৱসাগৰতে ৩০০ ভকতে সংঘ ত্যাগ কৰিবলৈ ইচ্ছা কৰিছে গহপুৰত শাস্তি সন্মুখীন হোৱা চন্দ্ৰ বৰুৱাৰ পৰিয়ালৰ দৰে সকলো আহোম ভকতে প্ৰাচীন ফুৰালং পন্থালৈ প্ৰত্যাৱৰ্তনৰ সিদ্ধান্ত লৈছে তেওঁলোকক টাইপাই আদৰণিও জনাইছে৷ একেদৰে যোৰহাটতো ২৮ খন আঞ্চলিকত আৰম্ভ হৈছে বিভাজন সংঘৰ শেহতীয়া অধিৱেশন অনুষ্ঠিত হোৱা জিলাখনত আহোম ভকতে প্ৰাথমিক এৰিছে এটা বিতৰ্কৰ ফলতে উজনিত নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে সংঘ৷ ৩০০ ভকতৰ সংগ ত্যাগৰ পিছত আকৌ কেবাশ আহোম পৰিয়ালে এৰিবলৈ ওলাইছে শংকৰদেৱ সংঘ গতিকে উজনিত সংঘৰ উপস্থিতিক লৈয়েই সৃষ্টি হৈছে সন্দেহৰ৷