মহা শিৱৰাত্ৰিত বজাৰৰ পৰা নোহোৱা হল নেমু

শিৱৰাত্ৰিৰ নিচা টেঙাই নাকাটে তথাপি আজি বজাৰত পাবলৈ নাই নেমু৷ মহা শিৱৰাত্ৰিত নিচা খোৱাৰ পূৰ্বেই সাৱধান শিৱভক্তই আগতীয়াকৈ বজাৰ সামৰি কিনি নিলে নেমু একেদৰে বজাৰত ওলোনা থেকেৰা আৰু তেতেলীও চৰা দামত কিনি থ’লে ঘোটা অথবা লাড়ু খাই জিভা পাক নোখোৱা হোৱাৰ ভয়ত আগতীয়াকৈ কিনিলে টেঙা ধোৱা টনাৰ উপৰি ঘোটা আৰু লাড়ুৰ লোভ সামৰিবও নোৱাৰে, কিন্তু খাবলৈয়ো কৰে ভয় গতিকে পুৱাৰ পৰা আজি বজাৰত নোহোৱা হ’ল নেমু৷ এটা নেমুত ১৫ টকালৈয়ো ঠাই বিশেষে দাম বাঢ়িল৷ গুৱাহাটীত আকৌ বেলপাতো বিক্ৰী হ’ল৷ নিচাৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ বেলপাতৰ উপযোগিতাৰ কথা শুনি বহুতে পথ্যবিধ আগতীয়াকৈ ক্ৰয় কৰিলে একেদৰে আজি পুৱাৰে পৰা বজাৰত চাহিদা বাঢ়িল গোৱালৰ৷ ৰাজ্যত আনদিনাৰ তুলনাত ডেৰগুণ বাঢ়িল গাখীৰৰ চাহিদা৷ ঘোটা প্ৰস্তুত কৰিবলৈ সকলোৱে গোৱালৰ পৰা গাখীৰ কিনিলে৷ অৱশ্যে উপায় নথকাসকলে আমূল তাজাৰেই পগালে ঘোটা৷ আজি বজাৰত মহাৰ্ঘ্য হৈ পৰিল জইণ্ট নামৰ পেইপাৰবিধো নিচা কৰিবলৈ সেইবিধ দাম ভৰি ক্ৰয় কৰিলে এচাম যুৱকে মহা শিৱৰাত্ৰিৰ আধ্যাত্মিক বৈশিষ্ট নোহোৱা কৰি বহুতে কেৱল নিচাকেই প্ৰধান কৰি পেলালে ঠায়ে ঠায়ে আকৌ বাঢ়িল গুড়ৰো চাহিদা৷ আজি শোণিতপুৰৰ নাগশংকৰ মন্দিৰত পুৱাৰে পৰা ভক্তৰ লানি লাগিল৷ নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰতো বিৰ দি বাট নোপোৱা অৱস্থা হ’ল ভক্তই নিশালৈ আকৌ পান কৰিলে ঘোটা৷ কিন্তু পৰীক্ষাৰ বাবে এইবেলি নিজম পৰিল শিৱৰাত্ৰিৰ উৎসাহ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial