গো-মাংস খায় নেকি আহোমে!

আহোমে গো-মাংস খায়! এইবাৰ ফে’চবুকত অশালীন দাবী অসমীয়া জাতি ধ্বংস হ’বলৈ বেছিদিন নাই শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ যুদ্ধখনেই শেষ কৰিব এই জাতিটোক ইয়াৰে ইংগিত দিছে দুয়োটা সংগঠনৰ বৰমূৰীয়াই৷ সাধাৰণ ৰাইজে বিতৰ্কৰ অৱসান কামনা কৰিছে কিন্তু অজ্ঞাত কাৰণত জ্বলা জুইত নেতাই ঢালি দিছে ঘিঁউ মে-ডাম মে-ফি বিতৰ্কক লৈ বিবাদৰ সময়ত শংকৰ সংঘ আৰু টাইপাই এজাহাৰ এজাহাৰ খেলি আছে৷ কেবাখনো থানাত শ শ এজাহাৰ ইতিমধ্যে দাখিল কৰা হৈছে৷ তাৰ মাজতে এচাম উদ্ধত নেতাই আৰম্ভ কৰিছে নিকৃষ্ট বাকযুদ্ধ এজন লোকে আনকি টাইপাক কুকুৰ আৰু গো-মাংস খোৱা মানুহৰ সংগঠন বুলিও অভিহিত কৰিছে বিশেষ সূত্ৰই আমালৈ প্ৰেৰণ কৰা খবৰ অনুসৰি উক্ত লোকজন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক৷ তেওঁ শেহতীয়া বিতৰ্কৰ সময়ত সামাজিক মাধ্যমক আহোমৰ সংগঠনটোক ককৰ্থনা কৰিছিল কিন্তু তাকে কৰিবলৈ গৈ আহোমকে উপলুঙা কৰিলে সেইজন লোকে৷ শংকৰ সংঘ আন এজন সদস্যই আহোমৰ ইতিহাসকে কৰিছে অপমান তেওঁ আহোম বুৰঞ্জীক ঠাট্টা কৰিছে আহোমক বিদেশী বুলি অভিহিত কৰি ৬০০ বছৰে অসমক লুণ্ঠন কৰা শাসক বুলিও তেওঁ ফে’চবুকত লিখিছে৷ আন এজনে জ্যাতাভিমানী আহোমসকলক ব্ৰহ্মদেশলৈ উভতি যাবলৈ জনাইছে আহ্বান এনেধৰণৰ নিকৃষ্ট আলোচনাৰ ফলত উত্তপ্ত হৈ পৰিছে ৰাজ্য ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ যুঁজখন হৈ পৰিছে ৰাজনৈতিক দুয়োটা সংগঠনে ৰাজনৈতিক উদ্দেশ্যৰে যেন চলাই আছে বাকযুদ্ধ জাতিৰ স্বাৰ্থত সংযমী হোৱাৰ পৰিৱৰ্তে জ্বলা জুইত ঘিঁউহে ঢালি দিছে শংকৰ সংঘয়ো৷ গতিকে এই যুঁজ যে এতিয়াই শেষ হ’ব তাৰ আশা ক্ষীণ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial