এডভাণ্টেজ অসমৰ গৃহস্থ বৰপেটীয়া ৰঞ্জিত দাস

আলহী আপ্যায়নত এনেয়েও বৰপেটীয়া ওস্তাদ অতিথিক খুৱাই-বুৱাই সন্তুষ্ট কৰাৰ কিটিপ বৰপেটীয়াই জানে সেই বাবে ৰঞ্জিত কুমাৰ দাসক আলহী আপ্যায়নৰ দায়িত্ব দিছিল মুখ্যমন্ত্ৰীয়ে সেই দায়িত্ব পালন কৰি আম্বানিৰ লগত বহুত কথা পাতিলে ৰঞ্জিত দাসে অৱশ্যে কি কথা পাতিলে মন্ত্ৰীয়ে কোৱা নাই কিন্তু ঘৰৰ পাচলি খেতি, কচৰত কৰাৰ ফটো ফে’চবুকত ঘনাই দিয়া ৰঞ্জিত কুমাৰ দাস দেশৰ ১ নম্বৰ ধনী মানুহ মুকেশ আম্বানিৰ কাষতে থিয় হৈ থাকিল এডভাণ্টেজ অসমৰ প্ৰথমটো দিনত আম্বানিক শুশ্ৰুষাৰ ভাৰ পৰিছিল ৰঞ্জিত দাসৰ কান্ধত৷ গতিকে তেওঁ ছাঁটোৰ দৰে আম্বানিৰ খবৰ লৈ থাকিল এডভাণ্টেজ অসমত উপস্থিত হোৱা আম্বানিৰ কাষত মূৰ দোৱাই থাকি বহু কথাই পাতিলে ৰঞ্জিত দাসে অৱশ্যে কি ভাষাতনো কথা পাতিলে সেয়াও দাসে জনোৱা নাই হেনা-হুচাকৈহে হিন্দী কোৱা ৰঞ্জিত দাসে কি কি কথা পাতিলে সেয়া এইপৰ্যন্ত গোপন একেদৰে আম্বানিক বিদায় সম্ভাষণো আছিল ৰঞ্জিত দাসৰে দায়িত্ব৷ সমাৱেশৰ শেষত ৰঞ্জিত দাসে আম্বানিক গাড়ীত উঠাই থৈ গ’ল কিন্তু আম্বানিয়েহে ৰঞ্জিত দাসক পিছ পেলাই আগবাঢ়ি গুচি গ’ল৷ অতিথিয়ে আগে আগে খোজ কাঢ়ি গ’ল, গৃহস্থ ৰঞ্জিত দাস পিছতে থাকিল তথাপি কিন্তু দায়িত্বৰ কথা ফে’চবুকত সগৰ্বে ব্যাখ্যা কৰিলে ৰঞ্জিত দাসে অসম চৰকাৰৰ মন্ত্ৰী হিচাপে গৃহস্থৰ দায়িত্ব পালন কৰাৰ বিষয়ে তেওঁ সকলোকে জনালে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial