এইবাৰ বাগৰুম্বা, তাৰ পিছত আৰু এটা ৰেকৰ্ড

পইচাৰ কথা চৰকাৰে চিন্তা কৰা নাই, বিহু আৰু ঝুমইৰৰ পিছত অসমতে হ’ব আৰু কেবাটাও নতুন বিশ্ব অভিলেখ৷ ১০০ কোটিৰে বিহু আৰু ৮২ কোটি ৭৬ লাখেৰে ঝুমইৰক বিশ্ব দৰবাৰলৈ ঠেলি দিয়া হ’ল এইবাৰ পাল পৰিছে বাৰুগুম্বাৰ তাৰ মাজতো অৱশ্যে আছে জাতীয় সংগীতৰ বিশ্ব অভিলেখ৷ বিহু পাৰ হৈ যোৱাৰ পিছতে চৰকাৰে অসমৰ সৰ্বত্ৰ ১ কোটি লোকৰ জৰিয়তে অ’ মোৰ আপোনাৰ দেশ গোৱাই গিনীজ ৰেকৰ্ড সৃষ্টি কৰিবলৈ চেষ্টা কৰিব৷ পাহাৰে-ভৈয়ামে, অৰঙে-দৰঙে সৰ্বত্ৰ পৰিৱেশিত হ’ব জাতীয় সংগীত৷ কিন্তু তাৰ পিছতে হ’ব বড়ো লোকনৃত্যৰ বিশ্ব অভিলেখ ১০ হাজাৰোধিক নাচনীয়ে একেলগে বাগুৰুম্বা নাচি অভিলেখ স্থাপন কৰিব অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত এই অভিলেখ স্থাপিত হ’ব কিন্তু একেসময়তে মিচিং লোকনৃত্যৰেও বিশ্ব অভিলেখ স্থাপনৰ দাবী উত্থাপিত হৈছে৷ গতিকে চৰকাৰে বৈষম্যৰ অভিযোগ এৰাই চলিবলৈ সেই দাবীও মানিবলগীয়া হ’ব পাৰে৷ লগতে কিন্তু গোৰ্খাসকলেও দেউচী ভৈলী অথবা সংগীনি নৃত্যৰ বিশ্ব অভিলেখ স্থাপনৰ দাবী তুলিছে৷ অসমৰ ভিন্নপ্ৰান্তত বাস কৰা গোৰ্খাসকলে বিহু আৰু ঝুমইৰৰ দৰেই বিশ্ব ৰেকৰ্ড স্থাপনৰ উদ্দেশ্যে আয়োজন কৰিবলৈ আহ্বান কৰিছে চৰকাৰক৷ নিৰ্বাচনৰ প্ৰাকক্ষণত সম্ভৱতঃ সেই দাবীও নস্যাৎ নকৰে চৰকাৰে৷ গতিকে অসমত হৈয়েই থাকিব বিশ্ব ৰেকৰ্ড৷ মুঠতে অসম চৰকাৰে পইচাৰ মুখলৈ নাচায়৷ ৰেকৰ্ড কৰিয়েই থাকিব

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial