ধৰ্মৰ নামত উন্মাদৰ দৰে আচৰণ কৰি নিজকে মূৰ্খ বুলি চিনাকি নিদিব
আজি আমাৰ ল’ৰা-ছোৱালীবোৰৰ মূৰ নাখাব
সাৱধান, শিৱৰাত্ৰি বুলিয়েই মাইক লগোৱাৰ দৰে কাণ্ড আজি নকৰিব। আজি দেৱাদিদেৱ মহাদেৱৰ পূজা৷ বছৰৰ এটা দিনৰ বাবে স্বাভাৱিকতে শিৱভক্তৰ উৎসাহৰ অন্ত নাই৷ নীলকণ্ঠক উপাসনাৰ অৰ্থে ভক্তৰ পাৰ ভঙা উছাহ স্বাভাৱিক৷
কিন্তু মনত ৰাখিব, কাইলৈ মেট্ৰিকৰ সমাজ বিজ্ঞান পৰীক্ষা আছে৷ উচ্চতৰ মাধ্যমিকৰো আছে গণিতৰ পৰীক্ষা৷ গতিকে পূজা কৰিলেও সাৱধান হৈ থাকিব৷ আপোনাৰ পূজাস্থলীৰ কাষতে আছে পৰীক্ষাৰ্থী৷ এতেকে পূজাৰ দিনটোত মাইক লগাই মহাদেৱক উপাসনা নকৰিব৷
অন্ততঃ আজিৰ দিনটোত শিক্ষাৰ্থীসকলক ভালদৰে পঢ়িবলৈ সুযোগ দিয়ক৷ ঘৰৰ সমীপতে থকা পৰীক্ষাৰ্থীৰ প্ৰতি এদিনলৈ সহানুভূতিশীল হ’লে মহাদেৱো সন্তুষ্ট হৈ পৰিব৷ গতিকে ভুলতো নলগাব মাইক৷
প্ৰতিটো শিৱৰাত্ৰিতে দোভাগ নিশালৈ মাইক বজাই শিৱস্তুতি কৰাটো ভক্তৰ নিয়মৰ দৰে৷ উজনি-নামনি সৰ্বত্ৰ প্ৰতিবছৰে শিৱৰাত্ৰি পালিত হৈ আহিছে৷ এই ধৰ্মীয় বিশ্বাসৰ বিষয়ে কাৰো দ্বিধাবোধ থাকিব নোৱাৰে৷
পিছে এইবাৰ পূৰ্বতকৈ পৰিস্থিতি সামান্য বেলেগ৷ এইবেলি পৰীক্ষাৰ মাজতে পৰিছে মহা শিৱৰাত্ৰি৷ তদুপৰি শিৱৰাত্ৰিত পিছদিনাই আছে দুটাকৈ জটিল বিষয়ৰ পৰীক্ষা৷
এতেকে শিৱভক্তসকলো মহাদেৱৰ দৰেই উদাৰ হ’লে ৰাজ্যত শিক্ষাৰ্থীৰ সমস্যা নহ’ব৷ মনত ৰাখিব ভগৱানে কাকো আমনি কৰিবলৈ ভক্তক উপদেশ দিয়া নাই৷ গতিকে শিক্ষাৰ্থীৰ প্ৰতি সহানুভূতিশীল হৈ এইবাৰ পালন কৰক নীৰৱ মহাশিৱৰাত্ৰি৷
অন্তত পৰীক্ষাৰ আগদিনা বিকট শব্দৰে মাইক বজাই পৰীক্ষাৰ্থীক আমনি নকৰিব৷ মহাদেৱেও এই ভুলৰ বাবে আপোনাক কিন্তু ক্ষমা নকৰিব৷
এইবাৰ পালন কৰক নীৰৱ মহাশিৱৰাত্ৰি
