আকৌ লাগে নতুন বিনিয়োগ!

থকা সম্পত্তি কেইটাকে চৰকাৰে ভালকৈ ৰাখিব পৰা নাই কিন্তু বিচাৰি ফুৰিছে নতুন বিনিয়োগ৷ অসমত উদ্যোগ স্থাপন কৰিবলৈ বিনিয়োগকাৰী অহাৰ সময়ত ধ্বংস কৰা হৈছে চৰকাৰী সম্পত্তি এডভাণ্টেজ অসম পাতি থকা চৰকাৰে ASTCৰ পৰিসমাপ্তি ঘোষণা কৰিছে সাধাৰণতে এখন বাছ কিনি ব্যক্তিগত মালিকে তিনিবছৰলৈ কিস্তিৰ ধন মাৰি থাকোতেই যায় তাৰ পিছতহে নিজৰ ব্যৱসায় আৰম্ভ হয়৷ কিন্তু চৰকাৰৰ কোটিটকীয়া বাছ ১০ বছৰতে ধ্বংস হৈ গৈছে ৰাজ্যৰ সকলো ASTC বাছ ষ্টেণ্ডতে আছে উৱলি যোৱা বাছ৷ সেইবোৰ নিলাম কৰি আছে চৰকাৰে জৱাহৰলাল নেহৰু আৰবান মিশ্যনৰ অধীনত ২০১৪-১৫ চনত ৰাজ্যত কোটিটকীয়া Volvo 8400 B7R চলোৱা হৈছিল৷ কিন্তু কিছুদিন চলাৰ পিছতে বাছবোৰ ষ্টেণ্ডতে ৰৈ থাকিল সামান্য কাৰিকৰী বিজুতিৰ পিছত বাছবোৰ ভাল কৰা নহ’ল ASTC ডিলাক্স বাছ কেইখনো অৱস্থা একেই৷ উৱলি যোৱাৰ পিছত চৰকাৰে সেইবোৰ বৰ্তমান নিলাম কৰিছে কিন্তু এনেধৰণৰ বাছৰ আয়ুস সাধাৰণতে প্ৰায় ১৭ বছৰ দুৰ্ঘটনা নহ’লে কমেও ১৫ বছৰ বাছবোৰ চলাই থাকিব পৰা পৰা যায় পিছে চৰকাৰে নোৱাৰে ASTCয়ে ২০২০ চনত ভাৰতবেঞ্জৰ নতুন 1617 বাছ কেবাটাও লাইনত চলাইছিল কিন্তু সেইবোৰো ধ্বংস হৈ গ’ল কাৰ দোষত নাজানো কিন্তু দুবছৰ চলাৰ পিছতে ভাঙি-ছিঙি গ’ল অত্যাধুনিক বাছবোৰ৷ এতিয়া সেইবোৰেই ASTC ষ্টেণ্ডৰ পৰা নিলাম কৰি দিয়া হৈছে মেৰামতি নকৰাৰ জহত জহি-খহি যোৱা বাছবোৰ বিক্ৰী কৰি ASTCয়ে উপাৰ্জন কৰিছে দুপইচা অসমৰ চৰকাৰী পৰিবহণ উদ্যোগৰো অৱসানৰ বিষয়ে প্ৰায় ঘোষণা কৰিছে চৰকাৰে পিছে থকা সম্পত্তি কেইটাও ভালকৈ ৰাখিব নোৱাৰা ৰাজ্যলৈ বিচৰা হৈছে নতুন বিনিয়োগ কোটি কোটি টকা বিনিয়োগ কৰিম বুলি কথাও দিছে উদ্যোগপতিয়ে৷ পিছে তাৰ আগতে পূৰ্বৰ সম্পত্তি কেইটাও ঠিক কৰি ল’ব লাগে চৰকাৰে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial