পাকিস্তানে আগতীয়াকৈ দিলে খবৰ

প্ৰায় তিনিদশকৰ পিছত পাকিস্তানত হৈছে ICC ইভেণ্ট৷ কিন্তু এইবাৰো বিদেশী আলহীক ধৰি-বান্ধি নিয়াৰহে চক্ৰান্ত কৰিছে মৌলবাদী সংগঠনে৷ খেলুৱৈ আৰু দৰ্শকক কিডনেপ কৰিবলৈ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে জেহাদীয়ে৷ এই খবৰ উদঘাটনৰ পিছতে সষ্টম হৈছে চৰকাৰ৷ খেলুৱৈৰ হোটেলৰ বাহিৰতো গঢ়ি তোলা হৈছে অভেদ্য নিৰাপত্তা বেষ্টনী৷
চেম্পিয়ন্‌ছ ট্ৰফীৰ সময়ত পাকিস্তানত বিদেশী দৰ্শকক অপহৰণ কৰাৰ ষড়যন্ত্ৰ কৰিছে ইছলামিক ষ্টেট খোৰাছান প্ৰভিঞ্চ নামৰ উগ্ৰপন্থী সংগঠনটোৱে৷ খবৰ লাভৰ পিছতে সমগ্ৰ দেশখনতে বৃদ্ধি কৰা হৈছে নিৰাপত্তা৷
চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি উগ্ৰপন্থীয়ে লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিৰ কিছু দূৰৈত থিতাপি লৈছে৷ সেই অঞ্চলত নাই চিচিটিভি কেমেৰা৷ অপহৰণ কৰি বিদেশী আলহীক তাতেই লুকুৱাই ৰখাৰ উদ্দেশ্যেৰে এই সিদ্ধান্ত লৈছে ইছলামিক ষ্টেট খোৰাছান প্ৰভিঞ্চে৷
এই খবৰ পোৱাৰ পিছতে নিৰাপত্তা বৃদ্ধি কৰা হৈছে৷ কেৱল ষ্টেডিয়াম আৰু ক্ৰিকেটাৰ থকা হোটেলত৷ বিদেশী নাগৰিক থকা হোটেলতো নিৰাপত্তা বৃদ্ধি কৰিছে পাকিস্তান চৰকাৰে৷
খেল চাবলৈ যোৱা আৰু হোটেললৈ ওভতাৰ সময়ত দৰ্শকক নিৰাপত্তা দিছে চৰকাৰে৷ আকৌ যাতে বিশ্বত অপমানিত হ’বলগীয়া নহয়, তাৰ বাবে আঘতীয়াকৈ সষ্টম হৈছে পাক চৰকাৰ৷
সন্ত্ৰাসবাদীয়ে আনকি ভাৰতীয় ক্ৰিকেটাৰকো লক্ষ্য কৰি লৈছে বুলি খবৰ ওলাইছে৷ গতিকে ডুবাইতো কঠোৰ কৰা হৈছে নিৰাপত্তা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial