চাহ শ্ৰমিকক খুৱাবলৈ সাৰৰ গেলনত নিমখ চাহ ভাৰ বান্ধি লৈ যোৱাটো আপুনি সম্ভৱত দেখিছেই কেঁচা চাহপাত সিজাই তৈয়াৰ কৰা চাহ এতিয়াও খুৱাই থকা হৈছে অসমৰ চাহ শ্ৰমিকক বেছি কামত খটুৱাবলৈ প্ৰথমে ব্ৰিটিছে নিমখ চাহ খুৱাইছিল বাগিচাৰ শ্ৰমিকক এতিয়া দেশী চাহাবেও খুৱাই থকা নিমখীয়া চাহে ৰুগ্ন আৰু মানসিকভাৱে দুৰ্বল কৰি তুলিছে চাহ শ্ৰমিকসকলক দিনটোত ৪-৫ বাৰ বা তাতোধিক নিমখ চাহ পান কৰি শাৰীৰিক অসুস্থতাত ভুগিছে চাহ শ্ৰমিকে নিমখ চাহৰ ভয়ংকৰ পৰিণতিতেই চাহ শ্ৰমিকে মৃত সন্তান জন্ম দিছে চাহ বাগিচাৰ কৰ্মীসকলৰ মাজত ই স্বাস্থ্যজনিত সমস্যাৰ এক প্ৰধান কাৰণ হৈ পৰিছে কাৰণ নিমখৰ চাহ অতিমাত্ৰা সেৱন কৰিলে প্ৰেছাৰ, ষ্ট্ৰোক আদিৰ উপৰি গৰ্ভাৱস্থাতে সংক্ৰমণৰ আশংকা বাঢ়ি যায় ২০১৯ চনত প্ৰকাশ কৰা অসম চৰকাৰৰ এক প্ৰতিবেদন অনুসৰি চাহ বাগিচাৰ শ্ৰমিকৰ মাজত প্ৰসূতিৰ মৃত্যুহাৰ সৰ্বাধিক ইয়াৰ প্ৰধান কাৰণ হৈছে উচ্চ ৰক্তচাপ। তদুপৰি নিমখ চাহে চাহ বাগিচাৰ কৰ্মীসকলৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায় যুগে যুগে নিমখ চাহ খোৱাৰ ফলত বহু শ্ৰমিকৰ মস্তিষ্ক দুৰ্বল হৈ পৰিছে ফলত তেওঁলোক মানসিক চাপ, হতাশা, উদ্বেগৰ বলি হয় নিমখ চাহে ৰক্তচাপ বৃদ্ধি কৰি মগজুত প্ৰভাৱ পেলায় প্ৰমাণিত হৈছে যে নিমখ চাহে শিশু আৰু কিশোৰ-কিশোৰীৰ জ্ঞান ক্ষমতা আৰু স্মৃতিশক্তি হানি কৰে৷
অসম চৰকাৰে চাহ শ্ৰমিকক বিনামূল্যে চেনিৰ পেকেট প্ৰদান কৰি নিমখ চাহৰ ব্যৱস্থা নোহোৱা কৰিবলৈ চেষ্টা কৰিছে কিন্তু একোৱেই সলনি হোৱা নাই তদুপৰি বাগিচাত কাম কৰি থকাৰ সময়ত খুওৱা নিমখ চাহৰ বাবেও শ্ৰমিকৰ পৰা ধন আদায় কৰিছে মালিকে প্ৰতিসপ্তাহত তেওঁলোকে নিমখ চাহৰ বাবে দিবলগীয়া হৈছে কমেও তিনি টকা৷ বিনন্দিনী ঝুমইৰৰ সময়ত এইবোৰ কথাও হৈ পৰিছে আলোচ্য
নিমখ চাহে শেষ কৰিলে চাহ শ্ৰমিকক
