কোটিটকীয়া ঝুমইৰৰ সময়তো পাহৰিলে লক্ষ্মী ওৰাঙৰ কথা

সৰুসজাই ষ্টেডিয়ামত ৮,৬৪৮ গৰাকী চাহ জনজাতি যুৱতীয়ে নাচিলে, কিন্তু ক’লৈ গ’ল লক্ষ্মী ওৰাং? বহুদিন ক’তো নেদেখিলেও লক্ষ্মী ওৰাঙক অসমে পাহৰা নাই পাহৰিবও নোৱাৰে ২০০৭ চনৰ ২৪ নৱেম্বৰত চাহ জনজাতিৰ বাবে ন্যায়ৰ দাবী কৰি গুৱাহাটীত আছাৰ প্ৰতিবাদী কাৰ্যসূচীত লক্ষ্মী ওৰাঙেও অংশগ্ৰহণ কৰিছিল সেইদিনাই দুৰ্বৃত্তই নাঙঠ কৰি পেলাইছিল লক্ষ্মী ওৰাঙক গুৱাহাটীৰ ৰাস্তাত নিৰ্বস্ত্ৰ হৈ দৌৰা লক্ষ্মী ওৰাঙক ৰক্ষা কৰিছিল ভগীৰাম কলিতা নামৰ অখ্যাত লোকজনে৷ পিন্ধি থকা চোলাটো খুলি তেওঁ সেইদিনা লক্ষ্মী ওৰাঙলৈ দলিয়াই দিছিল কিন্তু ঝুমইৰ বিনন্দিনীৰ সময়তো লক্ষ্মী ওৰাঙলৈ কাৰোৰে মনত নপৰিল চাহ জনজাতিৰ বাবে নতুন যুগৰ ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে দবা কোবালে৷ মুখ্যমন্ত্ৰীয়েও দিলে ভাষণ৷ হাজাৰ বিজাৰ যুৱতীয়ে নাচিলে ঝুমইৰ৷ কিন্তু এক্ষন্তেকৰ বাবেও কাৰোৰে মনত ভাহি নুঠিল লক্ষ্মী ওৰাঙৰ ছবিখন লক্ষ্মীৰ ৰাজনৈতিক প্ৰয়োজনে শেষ হ’ল৷ গতিকে তেওঁক সকলোৱে পাহৰি থাকিল বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ যুৱতীগৰাকীৰ পিতৃক বিগত সময়ত AIUDFয়ে নিৰ্বাচনৰ টিকট দিছিল কিন্তু লাহে লাহে লক্ষ্মী ওৰাঙৰ কথা ৰাইজে পাহৰিলে গতিকে AIUDFকো লক্ষ্মীৰ প্ৰয়োজন নোহোৱা হ’ল অসমত চাহ জনজাতিৰ সবল উপস্থিতি ঘোষণা কৰি এইবাৰ আয়োজন কৰা হ’ল ৮২ কোটিটকীয়া ঝুমইৰ বিনন্দিনীৰ৷ কিন্তু যি আছা নামৰ সংগঠনটোৰ হৈ লক্ষ্মীয়ে গুৱাহাটীত প্ৰতিবাদ কৰিছিল, সেইটো সংগঠনৰ নেতৃত্বৰো তেওঁলৈ মনত নপৰিল কোটিটকীয়া আয়োজনৰ ভিৰত হেৰাই থাকিল উলংগ হৈ গুৱাহাটীৰ পথত দৌৰা লক্ষ্মী ওৰাং কিন্তু ৰাইঝে পাহৰিলে কি হ’ব, ইতিহাসে জানো লক্ষ্মী ওৰাঙক পাহৰিবলৈ দিব?

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial