৩০ টকীয়া জেকপটৰ কোৱাৰ্টাৰে ধ্বংস কৰিছে চাহ জনজাতিৰ লোকসকলক বিনন্দীয়া ঝুইমৰ পাতি চৰকাৰে আচল কথাবোৰ ঢাকিবলৈ যিমানেই চেষ্টা নকৰক কিয়, নিচাই এফালৰ পৰা গ্ৰাস কৰিছে অসমৰ এই পুৰণি অধিবাসীক চুলাইৰ উপৰি বৰ্তমান অসমৰ প্ৰায়বোৰ বাগিচাতে পয়োভৰ ঘটিছে জেকপট নামৰ সুৰাবিধৰ এইবিধ সুৰা কিন্তু ৱাইন শ্বপত কিনিবলৈ পোৱা নাযায়৷ কেৱল বাগিচাৰ শ্ৰমিকৰ বাবে তৈয়াৰ কৰা সুৰাবিধ ইমানেই নিম্নমানৰ যে কোনো দোকানতে এইবিধ বিক্ৰী কৰা নহয় জেকপট ৱাইন শ্বপত বিক্ৰীৰ বাবে চৰকাৰী অনুমতিও নাই৷ তথাপি এইবিধ সুৰা অসমৰ বাগিচাত উভৈনদী মাত্ৰ ৩০ টকাতে এটা কোৱাৰ্টাৰ পোৱাৰ বাবে জেকপটেই বাগিচাৰ মজদুৰৰ প্ৰিয় লখিমপুৰৰ বাগিচাত আকৌ ছেভেন ষ্টাৰ নামৰ সস্তীয়া সুৰাবিধে এটা প্ৰজন্মকে শেষ কৰি পেলালে এতিয়াও এইবিধ মদৰ প্ৰচলন বন্ধ হোৱা নাই বাগিচাত শ্ৰম কৰি যিমান টকা মজদুৰে পায়, তাৰ অৰ্ধেকতকৈ বেছি অংশ সুৰাৰ নামতে ব্যয় কৰাটোৱেই নিয়মৰ নিচিনা বাগিচাৰ সামাজিক সংস্কাৰৰ বাবেও কোনেও চেষ্টা চলোৱা নাই, পৰিৱেশো মুঠেও সলনি হোৱা নাই ডিব্ৰুগড়ৰ বাগিচাত আকৌ ইউৰিয়া মিহলোৱা চুলাই এতিয়াও অবাধে বিক্ৰী হৈ আছে সৰহীয়াকৈ বিক্ৰী কৰিবলৈ চুলাইত মিলাই দিছে বিষাক্ত কেমিকেল মদ খাই খাই সৰ্বস্ব হেৰুওৱা চাহ বাগিচাৰ মজদুৰৰ কাম নাথাকিলে স্থানীয় লোকৰ ঘৰত হাজিৰা কৰাৰ বাদে একো উপায়েই নাই৷ আনহাতে পৰ্যায়ক্ৰমে বাগিচাসমূহে হ্ৰাস কৰি আনিছে স্থায়ী শ্ৰমিকৰ সংখ্যা ভৱিষ্যনিধিৰ ধন দিবলগীয়া হোৱাৰ বাবে অস্থায়ী অৰ্থাৎ ফাল্টু শ্ৰমিকেৰেই বাগিচাৰ কাম চলোৱাৰ চেষ্টা কৰিছে কৰ্তৃপক্ষই তেওঁলোকে ফাল্টু শ্ৰমিকক ন্যূনতম হাজিৰা দিয়েই বাগিচা চলাই আছে সন্ধিয়া সুৰাপানৰ যোগাৰ হোৱাৰ বাবে দিনটো গেবাৰি খাটিছে অসমৰ চাহ মজদুৰে তেওঁলোকক লৈয়েই পতা হৈছে বিনন্দিনী ঝুমুইৰ৷ কিন্তু অসমৰ সম্ভৱতঃ ৫০ শতাংশ চাহ মজদুৰেও গমেই নাপালে চৰকাৰৰ মহা সমাৰোহৰ কথা