মুখ্যমন্ত্ৰীৰ খঙৰ পিছতো কিন্তু একোৱেই সলনি নহ’ল, ৰজা-মহাৰজা অহাৰ দৰেই উজনিত নোহোৱা হৈ গ’ল বাছবোৰ চৰকাৰে নতুন ইতিহাস ৰচনাৰ দাবী কৰিছে বাৰু সেইখিনিলৈ ঠিকেই আছে কিন্তু নতুন ইতিহাসৰ বাবে যে অসমৰ কেবাহাজাৰ পৰীক্ষাৰ্থীৰ নগুৰ-নাকতি হ’ল সেয়া কোনেও গমেই নাপালে বিনন্দিনী ঝুমইৰৰ বাবে চৰকাৰে সমগ্ৰ ৰাজ্যতে গাড়ী অধিগ্ৰহণ কৰিলে বাছবোৰ আগতীয়াকৈ প্ৰশাসনে কব্জা কৰি ল’লে কিন্তু দেওবাৰে আছিল APSCৰ এনফ’ৰ্চমেণ্ট ইন্সপেক্টৰ পদৰ পৰীক্ষা গুৱাহাটীত অনুষ্ঠিত পৰীক্ষা দিবলৈ কিন্তু উজনিৰ পৰীক্ষাৰ্থী যাব নোৱাৰিলে কাৰণ ৰাস্তাত নোহোৱা হ’ল বাছ চৰকাৰে অধিগ্ৰহণ কৰাৰ ফলত গুৱাহাটী যাত্ৰা বাতিল কৰিবলগীয়া হ’ল APSCৰ এনফ’ৰ্চমেণ্ট ইন্সপেক্টৰ পৰীক্ষাৰ বাবে সাজু হোৱা চাকৰিপ্ৰাৰ্থীয়ে৷ তেওঁলোকে চাকৰিৰ বাবে পৰীক্ষা দিব নোৱাৰিলে৷
কিন্তু এই বিষয়ত আগতীয়াকৈ চৰকাৰেও ঘোষণা নকৰিলে সেয়ে শেষ মুহূৰ্তত যাত্ৰা বাতিল কৰিবলগীয়া হ’ল প্ৰায় ৪০০ পৰীক্ষাৰ্থীয়ে৷ শিৱসাগৰৰ পৰা এদল যুৱক কেবাখনো সৰু গাড়ী ভাৰা কৰিও গুৱাহাটীলৈ যাবলগীয়া হ’ল আনহাতে বিনন্দিনী ঝুমইৰৰ বাবে ৰে’লতো বাঢ়িল ভিৰ৷ গতিকে কোনো উপায় নোহোৱা হ’ল চাকৰিপ্ৰাৰ্থীৰ৷ উজনিৰ পৰা গাড়ী ভাৰা কৰি যাবলৈ সম্বল নথকা পৰীক্ষাৰ্থীয়ে শেষত APSCৰ এনফ’ৰ্চমেণ্ট ইন্সপেক্টৰ হোৱাৰ আশাও পৰিত্যাগ কৰিলে৷ চৰকাৰে বিনন্দিনী ঝুমইৰৰ জৰিয়তে নতুন ইতিহাস ৰচনাৰ কথা ঘোষণা কৰাৰ সময়ত কিন্তু অসমীয়া নৱপ্ৰজন্ম চাকৰিৰ পৰা বঞ্চিত হ’ল
বিনন্দিনী ঝুমইৰে শেষ কৰি দিলে চাকৰিৰ আশা
