বিনন্দিনী ঝুমইৰৰ বাবেও কিন্তু শেষত লাভ মিঞাৰে হ’ল চাহ জনজাতিৰ লোককৃষ্টি প্ৰদৰ্শনী মহোৎসৱতো মিঞাই ঘটিলে কোটি কোটি টকা ঝুমইৰ নৃত্য কৰি নাচনী আৰু মাষ্টাৰ ট্ৰেইনাৰে গাইপতি ২৫-৩০ হাজাৰকৈ টকা পাব কিন্তু চৰকাৰী আয়োজনৰ সময়ত মিঞাই কোটিৰ ঘৰত ধন উপাৰ্জন কৰিলে বিনন্দিনী ঝুমইৰ অনুষ্ঠানৰ পূৰ্বে গুৱাহাটীৰ বজাৰত নোহোৱা হৈ পৰিল ৰঙা পাৰিৰ শাড়ী৷ ফলত পশ্চিমবংগৰ পৰা হক আৰু ইছলাম উপাধিৰ দুজন মিঞা বেপাৰীয়ে শাড়ী আনি বজাৰ ভৰাই দিলে তেওঁলোকে ১,০০০ টকাত বেচিলে শাড়ী৷ যাৰ দাম সচৰাচৰ সৰ্বাধিক ৬০০ টকা নাচনীৰ অলংকাৰৰ ব্যৱসায় কৰিও মিঞা বেপাৰী লাভৱান হ’ল আমি লাভ কৰা খবৰ মতে পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ পৰা নুপূৰ, খাৰু তথা ডিঙিৰ মুকুতামণি সৰবৰাহ কৰিছিল চাৰিজন মিঞা ব্যৱসায়ীয়ে তেওঁলোকে কিন্তু পোনপটীয়াকৈ অসমৰ বজাৰত এই সামগ্ৰী যোগান ধৰা নাই মিঞা ব্যৱসায়ীৰ পৰা ৰাজ্যৰ এজন প্ৰভাৱশালী নেতাৰ আত্মীয়ই এইবোৰ গহনা লাভ কৰিছিল সেইগৰাকী লোকৰ জৰিয়তে ৰাজ্যৰ বজাৰত এৰি দিয়া হৈছিল ঝুমইৰ নৃত্যৰ বাবে প্ৰয়োজনীয় গহনা৷
মিঞা ব্যৱসায়ীয়ে আনি দিয়া গহনাবোৰ শাসকীয় দলৰ নেতাৰ আত্মীয়ই খুচুৰা দোকানীক যোগান ধৰিলে৷ ডিঙিৰ মণি, খাৰু, নুপূৰ আৰু খোপাৰ বাবে প্ৰয়োজনীয় ফুলপাহলৈ সকলোবোৰ পশ্চিমবংগ-ঝাৰখণ্ডৰ পৰা অনা হ’ল৷ এই গহনাৰ ছেটটোৰ দাম হ’লগৈ কমেও ৩,০০০ টকা৷ বহুকেইগৰাকী নাচনীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁলোকক নিৰ্দিষ্ট স্থানৰ পৰা কাপোৰ আৰু গহনা ক্ৰয় কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল৷ গতিকে তেওঁলোকে ধন ভৰি হ’লেও কিনিলে সামগ্ৰী কিন্তু চাহ জনজাতিৰ লোককৃষ্টি প্ৰদৰ্শনৰ ফলত লাভৱান হ’ল মিঞা
পশ্চিমবংগৰ শাড়ীৰে ভৰাই দিলে বজাৰ
