দুই নম্বৰী সংস্থাক পৰীক্ষাৰ দায়িত্ব

এডুটেষ্টক নিযুক্তি পৰীক্ষাৰ দায়িত্বৰ পৰা অপসাৰণ কৰা পিছত পুনৰ আন এটা বিতৰ্কিত প্ৰতিষ্ঠানক একে দায়িত্ব প্ৰদান চেষ্টা কৰিছে অইল ইণ্ডিয়াই৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ অভিযোগ অনুসৰি বিগত সময়ত এডুটেষ্ট নামৰ এটা ব্লেক লিষ্টেড প্ৰতিষ্ঠানক জাতীয় উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব প্ৰদান কৰিছিল৷ কিন্তু পিছলৈ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈছিল অইল৷ পিছে মাছ বুলি নাখাই জিজি বুলি খোৱাৰ দৰে নীতি অৱলম্বন কৰিছে অইল ইণ্ডিয়াই৷ একাংশ শীৰ্ষ বিষয়াই পুনৰ এডুকুইটী নামৰ আন এটা ব্লেক লিষ্টেড প্ৰতিষ্ঠানক নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দায়িত্ব প্ৰদানৰ চেষ্টা চলাইছে৷ এই এডুকুইটী নামৰ প্ৰতিষ্ঠানটোক ২০২০ চনত নীট পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱা পৰীক্ষা কেন্দ্ৰত হোৱা বেমেজালিৰ বাবে ব্লেক লিষ্টেড কৰা হৈছিল৷ তদুপৰি ২০২২ চনত এডুকুইটী নামৰ এই প্ৰতিষ্ঠানটোৱে মধ্যপ্ৰদেশৰ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে উপ-ঠিকা লাভ কৰিছিল৷ কিন্তু উক্ত পৰীক্ষাৰ প্ৰশ্নকাকত ছ’চিয়েল মিডিয়াত হৈ পৰিছিল ভাইৰেল৷ ২০২৩ চনতো মহাৰাষ্ট্ৰত প্ৰতিষ্ঠানটোক এম বি এ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব প্ৰদান কৰিছিল৷ কিন্তু এই পৰীক্ষাতো প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে পৰীক্ষা কেন্দ্ৰত ব্যাপক হাৰত নকলৰ পয়োভৰ ঘটিছিল৷ এনে এটা কলংকৰ দাগ থকা প্ৰতিষ্ঠানক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব প্ৰদান কৰি অইল ইণ্ডিয়াই শিক্ষিত নিবনুৱাক আৰম্ভণিতেই আশাহত কৰিছে৷ কিন্তু অইলৰ বহিৰাগত বিষয়া যে অপকৰ্মৰ সৈতে জড়িত হৈ আছে সেয়াও খাটাং৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial