গিনীজ বিশ্ব ৰেকৰ্ডৰ মূল্য একো নাই

মাত্ৰ ৬ মিনিটত ২ গেলন আইচক্ৰীম খাই গিনীজ বিশ্ব ৰেকৰ্ড সৃষ্টি কৰিছিল মিকী ছুড’ৱে Miki Sudo৷ ১ মিনিটত সৰ্বাধিক জেলী খোৱাৰ বিশ্ব অভিলেখৰ গৰাকী হৈছে অৰ্টফ এটে Ortolf ate৷ ১৭ ছেকেণ্ডত এবাতি পাষ্টা খোৱাৰ বাবেও গিনীজ ৰেকৰ্ড স্থাপন কৰিছিল লী ছাটকিৱাৰে Leah Shutkever৷ তেওঁলোকৰ নাম গিনীজ বুল অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে৷ এটা ভৰিত ১৮৪ পাত মোজা পিন্ধাৰ বাবে বিশ্ব অভিলেখ কৰিছে কামিল কুলিক নামৰ লোকজনে Kamil Kulik৷ ১ মিনিটতে আঠটা কল খোৱাৰ বাবে ৰেকৰ্ডৰ অধিকাৰী হৈছে পেট্ৰিক বেৰট’লেট্টি Patrick Bertoletti৷
এতিয়া ভাবি চাওক, এনে এটা ৰেকৰ্ডৰ বাবেই অসম চৰকাৰে ব্যয় কৰিবলৈ ওলাইছে ৮২ কোটি ৭৬ লাখ টকা বিনন্দিনী ঝুমইৰ নামৰ অনুষ্ঠানৰ জৰিয়তে অসমত গিনীজ ৰেকৰ্ড স্থাপিত হ’ব তাৰ বাবে সমগ্ৰ প্ৰশাসনে ঝুমইৰ নাচি আছে বন্ধ হৈ গৈছে প্ৰশাসনীয় কাম আগতেও বিহুৰ বিশ্ব অভিলেখ স্থাপনৰ বাবে ধাৰে লোৱা টকাৰ ১০০ কোটি চৰকাৰে খৰচ কৰিছে৷ কিন্তু শাক খোৱা-মাছ খোৱাৰ বাবেও স্থাপিত হোৱা অভিলেখৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একোৱেই মূল্য নাই৷
কথাটো হৈছে ঝুমইৰৰ বিশ্ব অভিলেখ স্বাভাৱিকতে অসমতে হ’ব ব্ৰাজিলত কেতিয়াও নহয় গতিকে এই বিষয়ে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত অনুষ্ঠানৰ কোনো গোলকীয় মূল্য নাই এই ৮২ কোটি টকাৰে যদি চাহ জনজাতি লোকৰ বাবে এটা উদ্যোগ স্থাপন কৰা হ’লহেঁতেন তেন্তে তেওঁলোকৰ কেবাপুৰুষলৈ উপকাৰীতা নিশ্চিত আছিল অন্যথা ইয়াৰে আধা অংশও খৰচ কৰাহেঁতেন অসমৰ সকলো দৰিদ্ৰ চাহ শ্ৰমিকৰ গৃহ নিৰ্মাণ কৰিব পাৰিলেহেঁতেন চৰকাৰে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial