শতৰুক লাই দিছে টাইপাই!

বেছি হৈছে শংকৰদেৱ সংঘৰ বেছি কৰিছে টাইপাই কথাবোৰ বেছি বেয়ালৈ গৈছে শংকৰদেৱ সংঘ আৰু টাইপা দুয়োপক্ষই সীমা অতিক্ৰম কৰিছে৷ শতৰুক লাই দিছে দুয়োটা সংগঠনে৷ মে-ডাম মে-ফিৰ কথাতে ফিৰিঙণিৰ পৰা খাণ্ডৱ দাহ হোৱাৰ দৰে দুয়োটা সংগঠনে স্ব-জাতি ধ্বংসৰ আখৰা কৰিছে অসমখনৰ ৩ কোটিৰো বেছি জনসংখ্যাৰ মাজৰ মাত্ৰ ১ কোটি ২৫ লাখ অসমীয়াক পণ হিচাপে ৰাখি শংকৰ সংঘ আৰু টাইপাই পাশা খেলাত লাগিছে৷ সকলো সংগঠনৰ ধৰা-বন্ধা নীতি থকাটো স্বাভাৱিক কথা কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানৰ পুত্তলিকা দাহৰ বাবে টাইপাৰ বিৰুদ্ধে ১১৯টা গোচৰ কোনোপধ্যে মানি ল’ব নোৱাৰি একেদৰে উজনিত শংকৰ সংঘৰ কাৰ্যাৱলী বন্ধ ৰাখিবলৈয়ো টাইপাৰ অধিকাৰ নাই৷ নিজৰ মাজতে যুঁজি যদকুল ধ্বংস কৰাৰ নিচিনাকৈ অসমীয়া ধ্বংসৰ কুচকাৱাজ কৰিবলৈ কোনো এটা সংগঠনকে জনতাই অধিকাৰ দিয়া নাই বিশাল ৰাজ্যখনত বৰ্তমান অসমীয়াৰ সংখ্যা তেনেই কম তাৰ মাজতে যদি জাতীয় সংগঠনে বঙহৰ বিৰুদ্ধে যুঁজ-বাগৰ চলাই থাকে তেন্তে সেয়া শোভনীয় নহয় গতিকে টাইপা আৰু শংকৰ সংঘ সাৱধান হওক৷ নেতাৰ ব্যক্তিগত আখেজ বেলেগ কথা, কিন্তু ৰাজহুৱাকৈ দুয়োটা সংগঠনে কন্দল লাগি থকাৰ ফলত সামগ্ৰিক ক্ষতি অসমীয়াৰে হৈছে একেদৰে এছিয়াৰ বৃহত্তম আধ্যাত্মিক সংগঠন বুলি দাবী কৰা শংকৰদেৱ সংঘৰ নেতাসকলেও পৰিস্থিতি বুজা উচিত শ্ৰীমন্ত শংকৰ সংঘৰ বাবে নামঘৰ মণিকুট সবাৰো ওপৰত। গুৰু আসন সাক্ষী কৰি নামঘৰত বহু ৰাজহুৱা বিবাদ নিষ্পত্তি কৰা সকলোৱে দেখিছে ঘৰৰ ল’ৰা-ছোৱালীয়ে বেয়া সংগ পালে, অবাটে গ’লে সুমতি দিবলৈ ভকতৰ আগত সেৱা লৈ আত্মসন্তুষ্টি লভা ভকতকো সকলোৱে লগ পাইছে তেনেস্থলত টাইপাৰ বিৰুদ্ধে শংকৰ সংঘই কিয় গোচৰ তৰি সন্তুষ্টি লাভ কৰিছে সেয়া আমি বুজা নাই এছিয়াৰ সৰ্ববৃহৎ সংগঠন বুলি দাবী কৰা শংকৰ সংঘই নিজৰ সম্ভ্ৰম বজাই ৰখা উচিত সেইদৰে টাইপায়ো লাচিতৰ পৰাক্ৰমৰ কথা স্মৰণ কৰা দৰকাৰ বঙহৰ যুঁজে কাকো লাভান্বিত নকৰে ক্ষতিহে কৰিব অসমীয়াৰ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial