মোদীৰ বাবে সলনি হ’ব নেকি পোছাক!

হিমন্ত বিশ্ব শৰ্মাই কি পিন্ধিব? ঝুমইৰ বিনন্দিনীৰ সময়ত কি পিন্ধিব মুখ্যমন্ত্ৰীয়ে তেওঁ কোৱা নাই, কিন্তু মুখ্যমন্ত্ৰীয়ে কি পিন্ধিব আমি কৈ দিব পাৰোঁ সাধাৰণতে হিমন্ত বিশ্ব শৰ্মাই কূৰ্তা-পায়জামা অথবা ছ্যুট পিন্ধি চৰকাৰী কাৰ্যসূচীত ভাগ লয় নেতাৰ ড্ৰেছক’ড তেওঁ মানি চলে৷ কিন্তু মোদী অসমলৈ আহিলেই কি হয় কোনেও নাজানে হিমন্ত বিশ্ব শৰ্মাই কান্ধত আঁৰি লয় এটা কাপোৰৰ মোনা প্ৰতিবাৰেই মোদীৰ উপস্থিতিৰ সময়ত মুখ্যমন্ত্ৰীজনে কাপোৰৰ জোলোঙাতো কান্ধত লৈ থাকে ঝুমই বিনন্দিনী আৰু এডভাণ্টেজ অসমৰ বাবে আকৌ মোদী অসমলৈ আহিব গতিকে এইবোৰ সলনি হ’ব মুখ্যমন্ত্ৰীৰ পোছাক অৱশ্যে মোদীৰ ভ্ৰমণৰ সময়তো হিমন্ত বিশ্ব শৰ্মাই কূৰ্তা-পায়জামা আৰু ৱাশ্বকোট ঠিকেই পিন্ধে৷ কিন্তু কাপোৰৰ বেগটো কিয় লয় সেইটোহে ৰহস্যৰ কথা আগে-পিছে কিন্তু সেইটো বেগ মুখ্যমন্ত্ৰীয়ে লোৱা নাছিল পূৰ্বে শৰৎ সিংহই লৈ ফুৰিছিল কাপোৰৰ মোনাটো৷ পিছলৈ সেইটো অখিল গগৈৰ ট্ৰেডমাৰ্কৰ দৰে হৈছিল৷ অখিলে আৰু অকণ উন্নত কৰি কাপোৰৰ ৰছীডালত গাঁঠি এটাও মাৰি লৈছিল৷ কিন্তু মুখ্যমন্ত্ৰীয়ে তেনেকৈ নলয় তেওঁ ৰং-বিৰঙৰ মোনাটো কান্ধতে প্ৰায় ফিটিং কৰি লয় হাত তালি বজাই থাকিলেও সেইটো সৰি নপৰে পূৰ্বে অসম বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মায়ো কান্ধত মোনা এটা আঁৰি লৈছিল৷ যাৰ বাবে শিলাদিত্য দেবে তেওঁক মোনা শৰ্মা নামেই দিছিল৷ কিন্তু মোদী অসমলৈ আহিলে হিমন্ত বিশ্ব শৰ্মায়ো একেটা ৰূপেই ধাৰণ কৰে সৰুসজাইৰ বিহু চাবলৈ মোদী আহোতেও শৰ্মাই কান্ধত লৈছিল মোনাটো তাৰ পিছত অহাৰ সময়ত কান্ধতে মোনাটো আছিল শৰ্মাৰ এইবাৰো নিশ্চয় মোদীৰ উপস্থিতি ঝুমই বিনন্দিনীৰ সময়ত শৰ্মাই কান্ধত ল’ব বেগটো অৱশ্যে মোনাৰ ভিতৰত কি থাকে সেয়াহে কোনেও নাজানে পিছে কিয় মোদীৰ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে মোনাটো এৰিব নোৱাৰে সেইটোহে অজানা সাঁথৰ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial