তাই যেন মাকহে ভনীয়কক বুকুৰ মাজতে গুজি লৈ ফুৰা বায়েকজনীলৈ চাওকচোন দুখীয়া মাক চাহ বাগিচাৰ শ্ৰমিক, কণমানি ভনীয়েকক চাবলৈ ঘৰত কোনোৱেই নাই সেয়ে বোকোচাত বান্ধি সদায় ভনীয়েকক স্কুললৈ লৈ যায় বায়েক অৱশ্যে বায়েকো স্কুলৰ শিক্ষয়িত্ৰী নহয়৷ তাই কণমানি ছাত্ৰীহে এদিন কামলৈ নগ’লেই মাতৃয়ে মজুৰী নাপায়৷ কিন্তু নিচেই কণমানি ভনীয়েকজনী কাৰ ওচৰত থাকিব? পিছে মাকৰ সমান মমতাৰে ভনীয়েকক ৰাখিবলৈ বায়েক আছেই নহয় গতিকে মাক নিশ্চিন্ত কিন্তু বায়েক আকৌ শোণিতপুৰৰ ঢোলকোবা টিজি লাইন নম্বৰ ১২ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী বালিপৰা শিক্ষাকেন্দ্ৰৰ অধীনস্থ স্কুলখনৰ ছাত্ৰীগৰাকী সদায় স্কুলত উপস্থিত হয় সেয়ে বোকাচাত বান্ধি স্কুললৈ ভনীয়েকক লৈ যায় বায়েকে ভনীয়েকক মজিয়াতে বিছনা পাৰি বায়েকে শুৱাই থৈ দিয়ে মাকৰ দৰেই ক্লাছৰ মাজে মাজে ভনীয়েকৰ যতন লয় তাই স্কুলতে ভনীয়েকে টোপনিৰ পৰা সাৰ পালেও মাকৰ মমতাৰে সাবটি শুৱাই দিয়ে বায়েকে বুকুত লৈ নিচুকায় এই জটিল পৃথিৱীৰ আওভাও বুজি পোৱাৰ বয়সেই হোৱা নাই তাইৰ কিন্তু দায়িত্বই যেন কোমল বয়সতে তাইক কৰি তুলিছে এগৰাকী পৈণত মহিলা৷ স্কুলত লেজাৰৰ সময়তো ভনীয়েকক বোকোচাত বান্ধি লৈ ফুৰে বায়েকে সমনীয়াই খেলে, তাই কিন্তু ভনীয়েকক ওমলায় থাকে মধ্যাহ্ন ভোজনৰ সময়তো বায়েকে ভনীয়েকৰ লগ নেৰে কিন্তু এইখিনিতে বহু প্ৰশ্নৰো উদ্ৰেক হয়৷ কথাটো হৈছে চাহ শ্ৰমিকৰ সন্তানৰ বাবে সকলো বাগিচাতে শিশুগৃহৰ ব্যৱস্থা কৰা হৈছিল চৰকাৰেও সাজিছিল ওমলা ঘৰ যদি এটি কণমানিয়ে এতিয়াও মাকৰ অবৰ্তমানত ভনীয়েকক বোকোচাত বান্ধি স্কুললৈ যাবলগীয়া হয় তেন্তে সেইবোৰ কি হ’ল? তদুপৰি এতিয়াও ৰাজ্যৰ চাহ শ্ৰমিকে ভালদৰে জীয়াই থকাৰ মৰ্যাদাই কিয় পোৱা নাই বুলিও আমি প্ৰশ্ন কৰিব পাৰোঁ ভনীয়েকৰ প্ৰতি বায়েকৰ মৰমে স্কুলখনৰ কৰ্তৃপক্ষকো আকুল কৰি তুলিছে সহৃদয় শিক্ষকে মৰম যাচিছে স্নেহৰ ছাত্ৰীক তথাপি চাহ শ্ৰমিকৰ জীৱন-ধাৰণক লৈ উত্থাপিত হৈছে বহু প্ৰশ্ন কিয় এতিয়াও তেনেকৈয়ে এটি কণমানি স্কুললৈ যাবলগীয়া হৈছে, সেই প্ৰশ্নই জোকাৰি গৈছে মন-মগজু