মুখ্যমন্ত্ৰীয়ে কৈছিল- এগৰাকী মেধাৱী ছাত্ৰীক বঞ্চিত কৰি অৰ্হতাহীন অখিল গগৈৰ পত্নীক চাকৰি দিয়া হৈছিল মুখ্যমন্ত্ৰীয়ে কোৱা সেই মেধাৱী ছাত্ৰীগৰাকী কোন? হিমন্ত বিশ্ব শৰ্মাই কাৰো নাম লোৱা নাই কিন্তু বিজেপি নেতা গোবিন শইকীয়াৰ মতে সেই মেধাৱী ছাত্ৰীগৰাকী হৈছে তেওঁৰ পত্নী৷ নাম ডঃ ডালিমী কাকতী৷ গোবিন শইকীয়াই কৰা দাবী অনুসৰি তেওঁৰ পত্নীক বঞ্চিত কৰি গীতাশ্ৰী তামুলীয়ে চাকৰি লাভ কৰিছিল বি বৰুৱা কলেজৰ উপৰি অসমৰ সকলো শিক্ষানুষ্ঠানতে তৰুণ গগৈৰ কাৰ্যকালত এনে জালিয়াতি হৈছিল বুলিও গোবিন শইকীয়াই দাবী কৰিছে৷ তদুপৰি ডঃ ডালিমী কাকতীয়েও ইংগিতধৰ্মী প’ষ্টেৰে তথ্যৰ সত্যতা দাবী কৰিছে৷ শোণিতপুৰৰ লোকনায়ক অমিয় কুমাৰ দাস কলেজৰ সহকাৰী অধ্যাপিকাগৰাকীৰ মতে, ‘ৰাজনৈতিক ৰাজকুমাৰ এজনৰ উপাধিৰ সৈতে মিলাই’ বহুতকে কংগ্ৰেছৰ দিনত চাকৰি দিয়া হৈছিল৷ তদুপৰি এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই তেওঁলৈ প্ৰেৰণ কৰা ইমেইলো ডালিমী কাকতীয়ে প্ৰদৰ্শন কৰিছে৷ স্বামী-স্ত্ৰীয়ে কৰা অভিযোগ অনুসৰি অখিল গগৈৰ পত্নীয়ে কোনোপধ্যে ন্যায়সংগতভাৱে চাকৰি লাভ কৰা নাই অৰ্থাৎ তেওঁ বক্ৰপথেৰে সংস্থাপিত হৈছে ৰাজনীতিৰ পৰা সাতহাত দূৰত থকা পত্নীৰ চাকৰি সংক্ৰান্তত অখিল গগৈয়ে ইতিমধ্যে তদন্ত বিচাৰিছে কিন্তু ডালিমী কাকতীয়েও প্ৰকাশ কৰিছে শিক্ষাগত অৰ্হতা৷ কেবাখনো গ্ৰন্থৰ লেখিকাগৰাকীয়ে নিজৰ যোগ্যতাৰ বিষয়ে প্ৰকাশ কৰিছে৷ তদুপৰি এই স্পষ্টীকৰণ অৰাজনৈতিক বুলি দাবী কৰিছে গোবিন শইকীয়াই৷ কেৱল মুখ্যমন্ত্ৰীৰ বাবে এতিয়াহে শান্তি পোৱা বুলিও শইকীয়াই কৰিছে ব্যাখ্যা৷