চাহ জনজাতিৰ ভাল হোৱাটো নিবিচাৰে চৰকাৰে
অসমৰ চাহ জনজাতিৰ নৱপ্ৰজন্ম শিক্ষিত হোৱাটোও চৰকাৰে নিবিচাৰে
অন্যথা পৰীক্ষাৰ বতৰত ঝুইমৰ বিনন্দিনী নামৰ অনুষ্ঠান আয়োজন কৰাৰ কোনো দৰকাৰ নাছিল৷
অসমত বৰ্তমান পূৰাদমে চলি আছে পৰীক্ষাৰ বতৰ৷ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক একেলগে চলি আছে৷ তাৰ বাবে কেবাখনো জিলাত প্ৰশাসনে মাইক নিষিদ্ধ কৰিছে৷
পৰীক্ষাৰ সময়ত ভাগৱত পাঠ পতাৰ বাবেও আয়োজকক আমি সমালোচনা কৰিছোঁ৷ কিন্তু পৰীক্ষাৰ্থীৰ অসুবিধাক উলাই কৰি চৰকাৰেই পাতি দিছে মহোৎসৱ৷
যিসময়ত ডাঙৰকৈ মাইক বজোৱাও আচলতে বন্ধ কৰিব লাগে, তেতিয়াই আয়োজন কৰা হৈছে ঝুমইৰ বিনন্দিনী৷
সমস্যা কেৱল ইয়াতে শেষ হোৱা নাই
বিগত সময়ত সৰুসজাইৰ গিনীজ বিহুত ৪০ বছৰৰ তলৰ বিহুৱা-বিহুৱতীকহে অংশগ্ৰহণৰ অনুমতি দিয়া হৈছিল৷ স্বাভাৱিকতে ঝুমইৰ বিনন্দিনীতো চাহ জনজাতিৰ উদীয়মান প্ৰতিনিধিয়েই অংশগ্ৰহণ কৰিব৷
অনুশীলনৰ দৃশ্য দেখিয়েই জানিব পৰা গৈছে- ঝুমইৰ বিনন্দিনীৰ বেছিভাগ নাচনীয়েই হৈছে ১৮ বছৰৰ ভিতৰৰ৷ কিন্তু সেইসকলৰ পৰীক্ষা নাই নেকি?
উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱৰ্তীণ হোৱা নাই নেকি ৰিহাৰ্ছেল কৰি থকা নাচনীয়ে?
সৰুসজাইৰ অনুষ্ঠান ব’হাগ বিহুৰ সময়ত আয়োজন কৰা হৈছিল৷ একেদৰে বিনন্দিনী ঝুমইৰো টুছু পূজাৰ সময়তে পতাৰ থল আছিল৷
কিন্তু তাকে নকৰি আগ-পিছ নুগুণি পৰীক্ষাৰ বতৰত চৰকাৰে পাতি দিলে মহোৎসৱ৷ য’ত নেকি মাইক বজোৱাও বন্ধ কৰা হৈছে, তেনে সময়তে গুৱাহাটীতে মহোৎসৱ আয়োজন কৰা হ’ল৷
এতিয়া আন জিলাতো যদি এনে অনুষ্ঠানৰ আয়োজন কৰা হয়, তেন্তে প্ৰশাসনে কি ভিত্তিত বন্ধ কৰিব পাৰিব?
খবৰ ওলাইছেই, শিৱসাগৰত বিনন্দিনী ঝুমইৰৰ বাবে পৰীক্ষা দিয়া নাই চাহ জনজাতিৰ ছাত্ৰীয়ে৷ গতিকে খবৰ নোলোৱাবোৰৰ কথাও ভাবক৷ এইবাৰ পৰীক্ষা নিদিয়া শিক্ষাৰ্থীৰ সংখ্যা বেছ ডাঙৰেই হ’বগৈ৷
নাচি থাকিলেই হ’ব, শিক্ষিত হ’ব নালাগে
