গা ধুই থকাৰ সময়তে কৰি আছে ভিডিঅ’
কুম্ভমেলালৈ গৈ গম নোপোৱাকৈয়ে প’ৰ্ন চিনেমাৰ নায়িকা হৈ পৰিছে সনাতনী মহিলা৷
কাৰণ এচাম পাষণ্ড ভক্ত মহা কুম্ভমেলালৈ পুণ্য অৰ্জন কৰিবলৈ যোৱা নাই
সনাতনী ভক্ত গৈছে উলংগ নাৰীদেহ চাবলৈ
স্নান কৰি থকা মহিলাৰ শৰীৰ চাবলৈহে কুম্ভমেলাত ভিৰ কৰিছে এচাম লম্পট ভক্তই৷ মহা কুম্ভমেলাত স্নান কৰা মহিলাৰ ভিডিঅ’ আবদ্ধ কৰিছে লম্পট দুৰ্বৃত্তই৷
তিতা গাৰে নদীৰ পৰা উঠি অহা নাৰীৰ ফটো অনলাইনত বিক্ৰী কৰা হৈছে৷ গংগাৰ পাৰত কেৱল মহিলাৰ ভিডিঅ’ আবদ্ধ কৰিবলৈয়েই বাহৰ পাতিছে লম্পটে৷
এই দুষ্কাৰ্য কৰা কামাতুৰ পাষণ্ড কিন্তু খাটী হিন্দু৷ আন কোনেও কুম্ভমেলাত মহিলাৰ নগ্ন দেহৰ ফটো উঠোৱা নাই৷
কুম্ভস্নানৰ পিছত তিতা গাৰে নদীৰ পৰা উঠি অহা মহিলাৰ ভিডিঅ’ কৰা তিনি পাষণ্ডৰ নাম হৈছে প্ৰজ্জ্বল তেলী, চন্দ্ৰপ্ৰকাশ আৰু পি পাটিল৷
স্নানৰ পিছত মহিলাৰ গাত তিতা কাপোৰ লিপিট খাই পৰাৰ সময়ত ফটো-ভিডিঅ’ আবদ্ধ কৰা লম্পটৰ পৰিচয় প্ৰকাশ কৰি গ্ৰেপ্তাৰৰ চেষ্টা কৰিছে উত্তৰ প্ৰদেশ পুলিচে৷
শেহতীয়া খবৰ অনুসৰি মূলত: তিনিটা একাউণ্টৰ পৰা এনে ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছিল৷
মহিলাৰ অসুবিধাজনক মুহূৰ্তৰ ফটো এই তিনি লম্পটে ইচ্ছাকৃতভাৱে প’ৰ্ন ৱেবছাইটতো আপলোড কৰিছে৷ এটা ভিডিঅ’ৰ পৰা ৩ হাজাৰকৈ টকা দুৰ্বৃত্তই লাভ কৰিছে৷
এটা টেলিগ্ৰাম চেনেলো নগ্ন নাৰীদেহৰ ভিডিঅ’ বিক্ৰীৰ সৈতে জড়িত বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে৷ খবৰ অনুসৰি স্নানৰ পিছত কাপোৰৰ তলেৰে জিলিকি উঠা নাৰীদেহৰ ভিডিঅ’ কেবাটাও বিদেশী ৱেবছাইটতো আপলোড কৰা হৈছে৷
এনে জালিয়াতিৰ সৈতে দেশৰ কেবাখনো ৰাজ্যৰ দুৰ্বৃত্ত জড়িত আছে৷ গতিকে সহায় বিচাৰি বৰ্তমান মেটা কৰ্তৃপক্ষৰ সৈতে কৰা হৈছে যোগাযোগ৷ স্নান কৰা মহিলাক চাবলৈয়েই প্ৰয়াগৰাজলৈ যোৱা লম্পটৰ বাবে উপায়হীন হৈ পৰিছে ভক্ত৷
তেওঁলোকে কেৱল চাবলৈ বিচাৰিছে সুন্দৰীৰ স্নান৷ ফলত কুম্ভস্নানৰ সময়ত অজানিতে প’ৰ্ন ৱেবছাইটৰ নায়িকা হৈ পৰিছে সনাতনী মহিলা৷
গা ধুই থকা মহিলাৰ ভিডিঅ’ বিক্ৰী
