নিশা দুই বজাত শোৱাৰ পৰা উঠি আঢ়ৈ বজাত পুখুৰীত নামে মিঞা যুৱক এই শীতৰ নিশা জাল মাৰি মাছ ধৰে বৰপেটাৰ যুৱক অসমীয়া যুৱকে লেপ লৈ শুই থকা সময়ত তেওঁলোকে জাল চপাই মাছ ধৰে প্ৰায় ডেৰঘণ্টাৰ ভিতৰত মিঞা মাছ বেপাৰীয়ে জাল বাই শেষ কৰে তাৰ পিছত ঠেলাৰে সেই মাছ আকৌ বাছষ্টেণ্ডত গোটোৱা হয় গাঁৱৰ পৰা বাছ ষ্টেশ্যনলৈ দূৰত্ব আকৌ প্ৰায় আধাঘণ্টা বৰপেটাৰ দৌলাশাল, বাটগাঁও আদিত মাছৰ কণ্টেইনাৰ বাছৰ ভিতৰত তোলা হয় প্ৰায় ৫ বজাৰ ভিতৰত মাছ বেপাৰী গুৱাহাটীমুখী বাছত উঠে৷ মাজ নিশাৰ পৰা অকথ্য পৰিশ্ৰমৰ পিছত বাছতহে এঘুমটি মাৰিবলৈ জিৰণি পায় মিঞা বেপাৰীয়ে কিন্তু জালুকবাৰীত তেওঁলোকৰ বাবে ৰৈ থাকে এদল লোকেল দাদা মাছৰোকাৰ দৰে লোকেল গুণ্ডাই মিঞা বেপাৰীৰ পৰা ভালৰো ভাল মাছকেইটা কাঢ়ি লয় চৰ-লাঠি দি হ’লেও পৰিশ্ৰমী মিঞাৰ পৰা মাছ কাঢ়ি নিয়ে জালুকবাৰীৰ লোকেল দাদাই দুপইচাৰ আশাত নিশাৰ পৰা শ্ৰম কৰি থকা মিঞা যুৱককো অত্যাচাৰ কৰে গুণ্ডাৰ দলে বাছৰ পৰা কণ্টেইনাৰ নমোৱাৰ পিছতে মাছ কাঢ়ি ল’বলৈ খাপ পিটিয়েই থাকে এইদল যুৱক৷ তেওঁলোক জালুকবাৰীৰ গৰীয়া যুৱক বুলি প্ৰকাশ কৰিছে মিঞা বেপাৰীয়ে নিৰ্দিষ্ট স্থানত ৰৈ থকা গৰিয়া যুৱকে জালুকবাৰীত মাছৰ ছিণ্ডিকেটেই আৰম্ভ কৰিছে জালুকবাৰী-আদাবাৰী আদিত মাছৰ বেপাৰ কৰিবলৈ তেওঁলোকক মিঞা বেপাৰীয়ে গুণ্ডাটেক্স দিব লাগে অন্যথা পুৱাই পৰিশ্ৰমী মিঞা যুৱক শাৰিৰীক আক্ৰমণৰ বলি হয় নিশাৰে পৰা জাল বাই পুৱাও মিঞা বেপাৰীয়ে সহিব লাগে অত্যাচাৰ