বৰ বেয়া সময়ত আহিল বৰষুণজাক সৰিয়হ তোলাৰ সময়ত অহা বৰষুণজাকে খেতিয়কৰ সৰ্বনাশ কৰি পেলালে মধ্য অসমত কেবাদিনজুৰি হৈ থকা বৰষুণৰ বাবে পচি গ’ল সৰিয়হ লাভৰ আশাত হাজাৰ হাজাৰ টকা খৰচ কৰি কেবাখনো জিলা খেতিয়কে সৰিয়হ খেতি কৰিছিল প্ৰায়বোৰতে পূৰঠ হোৱা সৰিয়হ গছবোৰ চপাই কৃষকে মৰণা মাৰি কামো শেষ কৰিছিল কিন্তু সৰিয়হ পূৰঠ হোৱাৰ সময়ত আহিল আহুকলীয়া বৰষুণজাক কেবাদিনধৰি হৈ থকা বৰষুণে গেলাই পেলালে সৰিয়হ গছ তিতি যোৱাৰ ফলত কেবাদিনো পথাৰত পৰি থকা শ শ বিঘাৰ সৰিয়হৰ পৰা এতিয়া গজালি মেলিবলৈ ধৰিছে অসমত ঘাইকৈ ধেমাজি আৰু লখিমপুৰত সৰ্বাধিক পৰিমাণৰ সৰিয়হ উৎপাদিত হয় নৈপৰীয়া ৰাইজে কৰে সৰিয়হৰ খেতি৷ লখিমপুৰৰ ঘূণাসুঁতি, পূব তেলাহী, বৰচাপৰি আদিৰ সৰিয়হনী কিন্তু বৰষুণে ধ্বংস কৰি পেলালে তদুপৰি সেমেকা বতৰৰ বাবেও সৰিয়হ শুকুৱাব নোৱাৰা হ’ল খেতিয়কে কেবামাহৰ শ্ৰম বতৰৰ বিঘিনিৰ বাবে দুদিনতে অথলে গ’ল৷ বজাৰত সৰিয়হ বেচি ধন উপাৰ্জন কৰিম বুলি ভবা খেতিয়কৰ উৎপাদনো এগুণলৈ কমিল এই বিপদৰ প্ৰভাৱ কিন্তু অসমতো পৰিব কাৰণ লখিমপুৰ-ধেমাজিত সৰিয়হৰ উৎপাদন হ্ৰাস হোৱাৰ বাবে বৰ্হিৰাজ্যৰ পৰা বাঢ়িব সৰবৰাহ গতিকে সৰিয়হৰ দাম বাঢ়িব