ধুবুৰীৰ সাংসদ হৈ যোৱাৰ পিছত অবিভক্ত নগাঁৱত ৰকিবুলক দুৰ্বৃত্তই আক্ৰমণ কৰিছে৷ চামগুৰিৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছত প্ৰথমবাৰলৈ দলীয় সভাত ৰকিবুল উপস্থিত হৈছিল৷ কিন্তু তেতিয়াই ৰকিবুলক প্ৰাণে মৰাৰ চেষ্টা কৰিলে আততায়ীয়ে৷
কিন্তু এই আক্ৰমণকাৰী কোন সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ খবৰ অনুসৰি ৰকিবুল গুণাবাৰীৰ সভাত অংশগ্ৰহণৰ বাবে গৈছিল৷ কিন্তু সাংসদগৰাকীয়ে এই খবৰ বিজেপিৰ ভেৰোণীয়া গুণ্ডাই সংঘটিত কৰা বুলি ইতিমধ্যে দাবী কৰিছে৷
কথমপি প্ৰাণৰক্ষা পৰাৰ পিছত সৰৱ হৈ পৰিছে ৰকিবুল৷ মধ্য অসমৰ সবাতোকৈ শক্তিশালী মুছলমান নেতা হোৱাৰ দৌৰত বাৰে বাৰে বিপদৰ সন্মুখীন হোৱা ৰকিবুলক অধিক সুৰক্ষা বৰ্তমান প্ৰদান কৰা হৈছে৷
কিন্তু ধুবুৰীৰ সাংসদজনৰ বিৰুদ্ধে বৰ্তমানো শ্লোগান দিছে বিৰোধী জনতাই৷ তেওঁলোকে আনকি ৰকিবুলক ধিক্কাৰ দিছে৷ এই আক্ৰমণ পৰিকল্পিত নাটক বুলিও ৰাইজে অভিহিত কৰিছে৷
ৰকিবুলক প্ৰাণে মৰাৰ চেষ্টা!
