হিন্দুক অপমান কৰিবলৈ অপপ্ৰচাৰ

শৌচ-প্ৰস্ৰাৱৰ মিশ্ৰণে গংগাজল বিষতুল্য কৰি তোলাটো অস্বীকাৰ কৰিছে যোগী আদিত্যনাথে৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে খাৰিজ কৰিছে ফিকেল বেক্টেৰিয়াই জল প্ৰদূষিত কৰাৰ প্ৰতিবেদন৷ গংগাৰ পানী এতিয়াও পানৰ বাবে উপযোগী বুলি তেওঁ দাবী কৰিছে৷
কিন্তু বৈজ্ঞানিক প্ৰতিবেদনৰ তথ্য অনুসৰি কুম্ভমেলাত ভক্তই স্নান কৰি থকা গংগাজল বৰ্তমানে শৌচ-প্ৰস্ৰাৱেৰে একাকাৰ হৈ পৰিছে৷ ফিকল আৰু ক’লিফৰ্মৰ বাবে পৱিত্ৰ নৈৰ পানী বিষাক্ত হোৱা বুলিও বিজ্ঞানীয়ে সদৰী কৰিছে৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰতিবেদন ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণলৈয়ো প্ৰেৰণ কৰিছে৷
গতিকে জটিল হৈ পৰিছে বিষয়টো৷ প্ৰতিবেদন অনুসৰি গংগাৰ পানীত ক’লিফৰ্ম নামৰ বিষাক্ত দ্ৰব্যবিধ নিৰ্ধাৰিত হাৰতকৈ ১৪০০ গুণ বেছি আছে৷ যমুনাৰ পানীতো এই দ্ৰব্যৰ মাত্ৰ ৬৫০ গুণ অধিক৷ একমাত্ৰ মানৱ বিষ্ঠ আৰু জন্তুৰ শৰীৰৰ বৰ্জ্য পদাৰ্থ পেলোৱাৰ বাবে দুয়োখন নদী হৈ পৰিছে বিষাক্ত৷ প্দূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ মতে স্নানযোগ্য পানীৰ ১০০ মিলিলিটাৰত কলিফ’ৰ্মৰ পৰিমাণ হ’ব লাগে সৰ্বাধিক ৫০০ এম পি এন অৰ্থাৎ ম’ষ্ট প্ৰবেবেবল নাম্বাৰ৷ কিন্তু গংগাত এই হাৰ প্ৰায় ৭ লাখ এম পি এন৷
গতিকে বিষয়টো সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰলৈ চমন জাৰি কৰাৰো নিৰ্দেশ দিয়া হৈছে সেউজ ন্যায়াধীকৰণক৷ কিন্তু এই সময়ছোৱাতে বৈজ্ঞানিক প্ৰতিবেদন মানি ল’বলৈ অস্বীকাৰ কৰিছে আদিত্যনাথে৷ মুখ্যমন্ত্ৰীৰ নিজা বিশ্লেষণ অনুসৰি বোৱতী নৈ গংগাৰ প্ৰদূষণৰ বিষয়ে অপপ্ৰচাৰ চলোৱা হৈছে৷
হিন্দু উৎসৱৰ গৰিমা ম্লান কৰিবলৈ ভুৱা ভিডিঅ’ও প্ৰচাৰ কৰা হৈছে বুলিহে তেওঁ দাবী কৰিছে৷ কিন্তু বিশেষজ্ঞৰ ভাষ্য অনুসৰি উত্তৰাখণ্ডৰ দেৱ প্ৰয়াগ অথবা হৃষিকেশৰ ত্ৰিবেণী ঘাটলৈহে গংগা বিশুদ্ধ৷ তাৰ পিছৰ পৰা প্ৰদূষিত হৈ পৰিছে নৈখন৷ আনকি হৰিদ্বাৰৰ হৰ কা পেৰতো গংগাৰ পানী প্ৰদূষিত হৈ পৰিছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial