কথাখিনি শুনাৰ পূৰ্বে এই দৃশ্যটো চাই লওক নোটবন্দীৰ সফলতাক লৈ দেশৰ জনতা এতিয়াও সন্দিহান মোদীৰ বিমুদ্ৰাকৰণ বিফল বুলিয়েই বেছিভাগ লোকে গণ্য কৰে হঠাতে ৫০০ আৰু ১,০০০ টকীয়া নোট বন্ধ কৰি মোদীয়ে জলা-কলা খুৱালে বুলিহে ভাবে জনতাই৷
বিমুদ্ৰাকৰণ সফল অথবা বিফল সেয়ে সুকীয়া প্ৰসংগ কিন্তু ভাৰতৰ অৰ্থনীতিৰ এটা বৃহৎ অংশ যে শত্ৰুদেশৰ নিয়ন্ত্ৰণত আছিল সেয়াও সত্য নোটবন্দীৰ ৮ বছৰৰ পিছতো পাকিস্তানত আছে পুৰণি ৫০০ টকীয়া নোট দেশখনত ছপোৱা ভাৰতীয় জালনোটেৰে এতিয়া পাকিস্তান শিশুৱে খেলে সেইসকলৰ বাবে খেলনা হৈ পৰিছে ভাৰতৰ পুৰণি ৫০০ আৰু ১,০০০ টকীয়া নোট৷ একেদৰে ভাৰতৰ পৰাও যে পাকিস্তানলৈ ধন লেনদেন হৈছিল সেয়াও প্ৰমাণিত সত্য বিশেষজ্ঞই প্ৰকাশ কৰা অনুসৰি পাকিস্তানৰ শিশুৱে খেলি থকা নোটৰ কেবাটাও বাণ্ডিল নকল নহয় অৰ্থাৎ ভাৰতৰ আচল ৫০০ টকীয়া নোটো পাকিস্তানে পূৰ্বে লাভ কৰিছিল এই কথাটোৰ সৈতে পাকিস্তানৰ অৰ্থনৈতিক দুৰ্যোগৰ সংযোগ আছে বিমুদ্ৰাকৰণে জাল নোটৰ অৰ্থনীতিৰ কঁকাল ভাঙি দিয়াৰ ফলতে পাকিস্তান হৈ পৰিছে বিধ্বস্ত বিগত সময়ত নোটবন্দীৰ পিছত ৫০০ আৰু ১,০০০ টকীয়াৰ এটা অংশ বেংকে লাভ কৰা নাছিল প্ৰায়বোৰ নোটেই বেংকলৈ উভতি গৈছিল৷ সেই নোপোৱা অংশই পাকিস্তানত আছে বুলি বিশেষজ্ঞই অনুমান কৰিছে ভাৰতৰ পুৰণি নোটেৰে পাকিস্তানী শিশুৱে খেলি থকাৰ ভিডিঅ’টোৱে সংকট প্ৰমাণিত কৰিছে গতিকে মোদীৰ নোটবন্দীক লৈ আকৌ পৰ্যালোচনাৰো প্ৰয়োজন আছে
মোদীৰ নোটবন্দীৰ সিদ্ধান্তই শুদ্ধ আছিল!
