মোক পইচা নালাগে, চাকৰিটো দিয়ক

থ্ৰী ইডিয়টছত ফাৰহানে কৈছিল, পইছা কমকৈ পাম, কিন্তু সুখেৰে থাকিম৷ এতিয়াও সেইদৰেই বিনা পইচাতে এজন ডাক্তৰৰ এছিষ্টেণ্ট হ’বলৈ মন মেলিছে অজস্ৰ পুৰুষে তেওঁলোকক কামৰ বিনিময়ত দৰমহাও নালাগে৷ লাগে মাত্ৰ চাকৰি কথাটো এনেধৰণৰ, সুন্দৰীক আলিংগন কৰি ডাক্তৰে দাঙি দিয়ে মুহূৰ্ততে ভাল হৈ যায় বেমাৰ পিছফালৰ পৰা বুকুত ধৰি ডাক্তৰে সুন্দৰীক দীঘলকৈ উশাহ ল’বলৈ দিয়ে খিটিককৈ শব্দ এটা হোৱাৰ পিছতে ৰোগীৰ বিষ-কোপ নোহোৱা হৈ যায় সংক্ষেপে এই পদ্ধতিৰ নাম চিৰ’প্ৰেক্টিক চিকিৎসা৷ বিষ-কোপত চিৰ’প্ৰেক্টিক অত্যন্ত উপকাৰী বুলি বহুতে মানি লৈছে চিৰ’প্ৰেক্টিক পদ্ধতিত শৰীৰৰ বিশেষ স্থানত হেঁচা দি ৰোগীক যন্ত্ৰণামুক্ত কৰা হয় পিছে দেশত চিৰ’প্ৰেক্টিক বহুতৰে বাবে হৈ পৰিছে সুন্দৰী ৰোগীক আলিংগনৰ কৌশল আমি অসমৰ কথা ক’বলৈ যোৱা নাই, কিন্তু বৰ্হিৰাজ্যৰ যিমান চিৰ’প্ৰেক্টিক বিশেষজ্ঞ আছে সকলোৱে ছ’চিয়েল মিডিয়াত আপলোড কৰে মহিলা ৰোগীক চিকিৎসাৰ ভিডিঅ’ চিকিৎসাৰ সুবাদত তেওঁলোকে বিনাদ্বিধাই আলিংগন কৰে অচিনাকি সুন্দৰীক বক্ষপ্ৰদেশৰ বিষ নতুবা গেষ্ট্ৰিকৰ সমস্যা সমাধানৰ বাবে আলিংগন কৰে মহিলা ৰোগীক সেয়ে বহুতো নেটিজেনৰ মন যায় চিৰ’প্ৰেক্টিক ডাক্তৰৰ সহায়ক হ’বলৈ লাগিলে পইছাও নালাগে, তথাপি চিৰ’প্ৰেক্টিক চেম্বাৰত সুন্দৰী ৰোগীৰ যন্ত্ৰণা উপশম কৰিবলৈ নেটিজেনৰ মন যায়৷ সেইসূত্ৰেই ভিৰো বাঢ়িছে চিৰ’প্ৰেক্টিক চেম্বাৰত সুন্দৰী ৰোগীয়ে আবেদনময় শব্দৰে বিষ নিবাৰণৰ বিষয়ে জনোৱাৰ সুৰ দেখিয়েই সকলোৰে মন যায় ডাক্তৰৰ এছিষ্টেম্ট হ’বলৈ গতিকে ইনষ্টাগ্ৰামত তেওঁলোকে সোধে- বিনা পইচাৰ এিষ্টেম্ট লাগিব নেকি? অৱশ্যে আগ্ৰহী এছিষ্টেণ্টক উত্তৰ নিদিয়ে চিৰ’প্ৰেক্টিক ডাক্তৰে তথাপি কিন্তু এছিষ্টেণ্ট হ’বলৈ যুৱকৰ ইচ্ছাৰ অন্ত নাই সকলোৱে বিচাৰিছে বিষালী সুন্দৰীক চিকিৎসাৰ সুযোগ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial